সামাজিক মাধ্যমত ভাইৰেল অখিল গগৈৰ এটা ভিডিও

অতি সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰা অখিল গগৈৰ শেহতীয়াকৈ আন এক ভিডিঅ’ৱে এইবাৰ সামাজিক মাধ্যমত ধুমুহাৰ সৃষ্টি কৰিছে। বতৰৰ ফল খাবলৈ গৈ অখিল গগৈ উঠিল এজোপা লেতেকু গছত। বয়স হ’লেও অতি সহজতে হাফ পেন্ট আৰু টিচাৰ্ট পিন্ধি অখিল গগৈ উঠিল এজোপা লেতেকু গছত।

তাৰ পাছত গছৰ এটা ঠালিত বহি অখিল গগৈয়ে গছ ভৰি লাগি থকা লেতেকু ছিঙি খাই থকা দৃশ্য আৱদ্ধ কৰা হৈছিল কেমেৰাত। গছত উঠি লেতেকু খোৱা সেই ভিডিঅ’ অখিল গগৈয়ে আপলোড কৰিছিল তেওঁৰ ফেচবুক প্ৰফাইলত।কোনেৱে অখিল গগৈৰ গছ বগোৱা এই দৃশ্যটো দেখি শৈশৱলৈ ঘূৰি গৈছে। শৈশৱত এনেদৰে লেতেকু গছত বগাই লেতেকু খোলা স্মৃতি ৰোমন্থন কৰিবলৈ অৱকাশ পাইছে। লেতেকু গছ বগোৱা অখিলৰ এই দৃশ্যই গ্ৰাম্য জীৱনবোধৰ মাজত অতি সহজভাৱে জীৱন অতিবাহিত কৰা এজন নেতাক বিচাৰি পাইছে আন এচামে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *