ৰাজপথত বেহেলা বজাই জীৱন নিৰ্বাহ কৰা অশীতিপৰ ভগৱান মাল্লিকলৈ সহায়ৰ হাত আনন্দ মহিন্দ্ৰাৰ

বয়সে ভৰ কৰা শৰীৰ, চকুৰ দুৰ্বল দৃষ্টি আৰু পুৰণি বেহেলাখনেই এতিয়াও জীৱন যুঁজৰ একমাত্ৰ সম্বল ৮০ বছৰীয়া ভগৱান মাল্লিকৰ। কেইবাদশক ধৰি কলকাতাৰ ৰাজপথত বেহেলা বজাই প্ৰতিদিনে পেটৰ ভাতমুঠি যোগাৰ কৰি আহিছে তেওঁ। কিন্তু তেওঁৰ এই সংগ্ৰামৰ কাহিনী সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছত এতিয়া সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়িছে উদ্যোগপতি আনন্দ মহিন্দ্ৰা।

জীৱিকাৰ বাবে বৃদ্ধ বয়সতো প্ৰতিদিনে ৰাজপথত সংগীত পৰিৱেশন কৰি অহা ভগৱান মাল্লিকৰ এটা ভিডিঅ’ শেহতীয়াকৈ সামাজিক মাধ্যমত ব্যাপকভাৱে প্ৰচাৰ হয়। ভিডিঅ’টোত দেখা যায়, চকুৰ দৃষ্টিশক্তি কমি অহাৰ পাছতো পুৰণি বেহেলাখন লৈ তেওঁ সংগীত পৰিৱেশন কৰি আছে। কাষতে বহি থাকে তেওঁৰ পত্নী।

দশকৰ পাছত দশক ধৰি কলকাতাৰ ৰাজপথত বেহেলা বজাই জীৱন নিৰ্বাহ কৰি অহা মাল্লিকে প্ৰতিদিনে প্ৰায় ১০০ টকা উপাৰ্জন কৰি পৰিয়াল পোহপাল দি আহিছে। বয়স আৰু শাৰীৰিক সমস্যাই বাধা সৃষ্টি কৰিলেও সংগীতৰ প্ৰতি থকা তেওঁৰ আগ্ৰহে থমকাব পৰা নাই এই বৃদ্ধ শিল্পীগৰাকীক।

ভিডিঅ’টো প্ৰচাৰ হোৱাৰ পাছতে বহু লোকে তেওঁৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে। এগৰাকী কণ্টেন্ট ক্ৰিয়েটৰে তেওঁক নতুন বেহেলা উপহাৰ দিয়াৰ লগতে তেওঁৰ বাবে প্ৰায় এক লাখ টকা সংগ্ৰহ কৰিছে।

এই কাহিনী দৃষ্টিগোচৰ হয় উদ্যোগপতি আনন্দ মহিন্দ্ৰাৰো। ভিডিঅ’টো দেখি মহিন্দ্ৰাই বৃদ্ধ শিল্পীগৰাকীক সহায় কৰাৰ ইচ্ছা প্ৰকাশ কৰে আৰু তেওঁৰ সৈতে যোগাযোগৰ তথ্য বিচাৰি সামাজিক মাধ্যমত আহ্বান জনায়।

ভগৱান মাল্লিকৰ সংগীতৰ প্ৰতি নিষ্ঠা আৰু জীৱন সংগ্ৰামৰ কাহিনীয়ে এতিয়া বহু লোকৰ মন স্পৰ্শ কৰিছে। দীৰ্ঘদিন ধৰি অজ্ঞাত হৈ থকা এই বৃদ্ধ শিল্পীগৰাকীয়ে এতিয়া অধিক সহায় আৰু স্বীকৃতি লাভ কৰাৰ আশা কৰিছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *