চিচিটিভি নাই, সাক্ষীও নাই! ৭ বছৰীয়া ‘মেৰী’য়ে ২৪ ঘণ্টাৰ ভিতৰতে বিচাৰি উলিয়ালে অভিযুক্তক

তথ্য-প্ৰমাণৰ অভাৱত প্ৰায় স্তব্ধ হৈ পৰিছিল ছয় বছৰীয়া কন্যাশিশুৰ ওপৰত সংঘটিত যৌন নিৰ্যাতনৰ এক জঘন্য অপৰাধ। ঘটনাস্থলত নাছিল কোনো কাৰ্যক্ষম চিচিটিভি কেমেৰা, নাছিল কোনো প্ৰত্যক্ষদৰ্শীও। কিন্তু তদন্তৰ এই জটিল সময়ত আৰক্ষীৰ আটাইতকৈ ভৰসাৰ সহযোগী হৈ উঠিল ৭ বছৰীয়া এটা লেব্ৰাডৰ কুকুৰ।

উত্তৰ প্ৰদেশৰ সম্বল জিলাৰ বাবৰালা অঞ্চলত ১৯ জুনত সংঘটিত হৈছিল ঘটনাটো। অসুস্থ আৰু আতংকিত অৱস্থাত কন্যাশিশুগৰাকীক উদ্ধাৰ কৰিছিল পৰিয়ালৰ লোকে। কিন্তু কি ঘটিছিল, সেই বিষয়ে স্পষ্টকৈ একো ক’ব পৰা নাছিল শিশুটিয়ে।

ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ পাছত বিভিন্ন নমুনা আৰু সামগ্ৰী সংগ্ৰহ কৰে আৰক্ষীয়ে। তথাপিও অভিযুক্তৰ সন্ধান পোৱাত সফল হোৱা নাছিল তদন্তকাৰীসকল। কোনো চিচিটিভি ফুটেজ বা প্ৰত্যক্ষদৰ্শী নথকাৰ ফলত তদন্ত আগবঢ়োৱাটো ক্ৰমাৎ কঠিন হৈ পৰিছিল।

এই পৰিস্থিতিত জিলা আৰক্ষীৰ কুকুৰ শাখাক মাতি অনা হয়। ঘটনাস্থললৈ অনা হয় ‘মেৰী’ নামৰ ৭ বছৰীয়া লেব্ৰাডৰটোক। ঘটনাস্থলৰ পৰা উদ্ধাৰ হোৱা এখন গামোচাৰ গোন্ধ শুঙিবলৈ দিয়াৰ পাছতে অনুসন্ধান আৰম্ভ কৰে মেৰীয়ে।

গাঁওখনৰ কেইবাটাও গলি পাৰ হৈ কিছু দূৰত থকা এটা ঘৰৰ সন্মুখত গৈ থমকি ৰয় কুকুৰটো। সেই সূত্ৰ ধৰি তদন্ত আগবঢ়াই আৰক্ষীয়ে। পৰৱৰ্তী অনুসন্ধানত সন্দীপ নামৰ এজন লোকৰ নাম সন্মুখলৈ আহে আৰু তদন্তৰ দিশ সম্পূৰ্ণ সলনি হৈ যায়।

অভিযুক্তক বিচাৰি আৰক্ষীয়ে অভিযান আৰম্ভ কৰে। ২২ জুনৰ নিশা তালাচী চলোৱাৰ সময়ত আৰক্ষীৰ দললৈ গুলীচালনা কৰি পলায়নৰ চেষ্টা চলায় সন্দীপে। প্ৰত্যুত্তৰত আৰক্ষীয়েও গুলীচালনা কৰাত অভিযুক্ত সন্দীপ আহত হয়। এই গুলীয়াগুলীত এগৰাকী আৰক্ষী কনিষ্টবলো আঘাতপ্ৰাপ্ত হয়।

ইফালে, এই জটিল গোচৰটোৰ তদন্তত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বাবে মেৰীক ১০ হাজাৰ টকাৰ পুৰস্কাৰ প্ৰদান কৰিছে আৰক্ষী অধীক্ষক কৃষ্ণ কুমাৰ বিষ্ণৈয়ে। উল্লেখ্য যে, মেৰী নামৰ এই কুকুৰটোৱে প্ৰশিক্ষণকালতো স্বৰ্ণপদক লাভ কৰিবলৈ সক্ষম হৈছিল। ২০১৯ চনৰ পৰা সম্বল জিলাত কৰ্মৰত হৈ আছে মেৰী।

হত্যা, চুৰি আৰু আন একাধিক গুৰুতৰ অপৰাধৰ তদন্ততো ইয়াৰ পূৰ্বে উল্লেখযোগ্য ভূমিকা পালন কৰিছে মেৰীয়ে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *