বেছিভাগ মূৰৰ বিষ নিৰাপদ, কিন্তু সতৰ্ক সংকেতবোৰ জনাটো গুৰুত্বপূৰ্ণ, মেদান্তাৰ বিশেষজ্ঞসকলৰ অভিমত

মূৰৰ বিষ বহু মানুহৰ বাবে জীৱনৰ এক সাধাৰণ অংশ আৰু ই প্ৰায়ে দৈনিক কাৰক যেনে— মানসিক চাপ, টোপনিৰ অভাৱ, শৰীৰত পানীৰ শূন্যতা বা ডিহাইড্ৰেশ্বন, সময়মতে আহাৰ গ্ৰহণ নকৰা অথবা অতিমাত্ৰা স্ক্ৰীন টাইম (মোবাইল বা কম্পিউটাৰৰ ব্যৱহাৰ)ৰ বাবে আৰম্ভ হয়। যদিও বেছিভাগ মূৰৰ বিষ জিৰণি আৰু সৰল প্ৰতিকাৰৰ দ্বাৰাই ঠিক হৈ যায়, তথাপিও ২০২৬ চনত নিউজউইক নামৰ পত্ৰিকাখনে ভাৰতৰ সৰ্বশ্ৰেষ্ঠ হাস্পতাল হিচাপে স্থান প্ৰদান কৰা গুৰুগ্ৰামস্থিত মেদান্তা- দ্য মেডিচিটী হাস্পতালৰ স্নায়ুৰোগ বিশেষজ্ঞসকলে কয় যে কিছুমান বিশেষ সতৰ্কবাণী বা লক্ষণৰ বিষয়ে অৱগত হ’লে প্ৰয়োজনৰ সময়ত মানুহে সঠিক সময়ত চিকিৎসাৰ সহায় ল’বলৈ সক্ষম হ’ব পাৰে।

ৰোগ নিৰ্ণয় আৰু চিকিৎসাৰ অগ্ৰগতিৰ ফলত মূৰৰ বিষৰ সৈতে দেখা দিব পৰা বহুতো অৱস্থা ফলপ্ৰসূভাৱে পৰিচালনা কৰাটো সম্ভৱ হৈছে, বিশেষকৈ যেতিয়া সেইবোৰ আগতীয়াকৈ চিনাক্ত কৰা হয়। মেদান্তা গুৰুগ্ৰামৰ স্নায়ু বিজ্ঞান বিভাগৰ সঞ্চালক ডাঃ জ্যোতি ছেহগালে কয় যে, ‘মূৰৰ বিষ আমি ক্লিনিকেল পৰীক্ষণত দেখা আটাইতকৈ সাধাৰণ লক্ষণসমূহৰ ভিতৰত অন্যতম, আৰু বিপুল সংখ্যক ক্ষেত্ৰতে ইয়াৰ কোনো গুৰুতৰ ৰোগৰ সম্পৰ্ক নাথাকে। একে সময়তে স্থায়ী, অস্বাভাৱিকভাৱে গুৰুতৰ বা পুনৰাবৃত্তিমূলক মূৰৰ বিষক আওকাণ কৰা উচিত নহয়। আগতীয়া মূল্যায়নে ইয়াৰ কাৰণ চিনাক্ত কৰাত সহায় কৰে আৰু প্ৰয়োজন হ’লে তৎক্ষণাত চিকিৎসা আৰম্ভ কৰক, যাতে ৰোগীয়ে উন্নত ফলাফল লাভ কৰিব পাৰে।”

পুনৰাবৃত্তিমূলক মূৰৰ বিষৰ অন্যতম কাৰণ হ’ল মাইগ্ৰেইন, যিটো স্নায়ুজনিত অৱস্থা যিয়ে পোহৰ, শব্দ বা গোন্ধৰ প্ৰতি সংবেদনশীলতাৰ লগতে প্ৰায়ে মূৰৰ এটা ফালে থ্ৰবিং বিষৰ সৃষ্টি কৰিব পাৰে। যদিও মাইগ্ৰেইনে দৈনন্দিন জীৱনত যথেষ্ট প্ৰভাৱ পেলাব পাৰে, ডাঃ ছেহগালে কয় যে ইয়াক প্ৰায়ে ঔষধ, জীৱনশৈলীৰ পৰিৱৰ্তন, প্ৰতিৰোধমূলক চিকিৎসাৰ জৰিয়তে সফলতাৰে পৰিচালনা কৰিব পৰা যায়।

মূৰৰ বিষ মাজে মাজে স্নায়ুতন্ত্ৰৰ সংক্ৰমণ, ষ্ট্ৰোক, মগজুৰ এনিউৰিজম বা মগজুৰ টিউমাৰ আদি অৱস্থাৰ সৈতেও জড়িত হ’ব পাৰে। ডাঃ ছেহগালে জোৰ দি কয় যে আধুনিক চিকিৎসা সেৱাই এই বহুতো অৱস্থাৰ বাবে ফলপ্ৰসূ চিকিৎসাৰ বিকল্প প্ৰদান কৰে, বিশেষকৈ যেতিয়া লক্ষণসমূহ আগতীয়াকৈ চিনাক্ত কৰা হয় আৰু পলম নকৰাকৈ চিকিৎসাৰ পৰামৰ্শ লোৱা হয়।

স্নায়ু বিশেষজ্ঞসকলে বাৰম্বাৰ বমি হোৱা, কথা ক’বলৈ অসুবিধা হোৱা, হাত বা ভৰিৰ দুৰ্বলতা, ডাবল ভিজন, মৃগী বা হঠাতে চেতনহীন হোৱা আদি লক্ষণ দেখা দিয়া মূৰৰ বিষৰ প্ৰতি মনোযোগ দিবলৈ পৰামৰ্শ দিয়ে। এনে লক্ষণসমূহৰ বাবে তাৎক্ষণিক চিকিৎসা আৰু পৰীক্ষণৰ প্ৰয়োজন।

একে সময়তে দৈনন্দিন সুস্থ অভ্যাস বজাই ৰখাটোৱে সাধাৰণ মূৰৰ বিষ প্ৰতিৰোধৰ ক্ষেত্ৰত বহুখিনি সহায় কৰিব পাৰে। হাইড্ৰেটেড হৈ থকা, পৰ্যাপ্ত টোপনি যোৱা, মানসিক চাপ পৰিচালনা, সময়মতে খাদ্য গ্ৰহণ আৰু মোবাইল-টিভিৰ পৰ্দাৰ পৰা নিয়মীয়াকৈ বিৰতি লোৱা আদি সকলোবোৰেই মূৰৰ বিষৰ সঘনতা হ্ৰাস কৰাত সহায় কৰিব পাৰে। পাতলীয়া ষ্ট্ৰেচিং, আৰামদায়ক ব্যায়াম আৰু উষ্ম কম্প্ৰেছ আদিয়েও সকাহ দিব পাৰে।

ডাঃ ছেহগালে কয়, “মূল বাৰ্তাটো হ’ল প্ৰতিটো মূৰৰ বিষৰ বাবে উদ্বিগ্ন হোৱা নহয়, বৰঞ্চ অৱগত হোৱা। বেছিভাগ মূৰৰ বিষ নিয়ন্ত্ৰণযোগ্য আৰু আনকি যেতিয়া ই কোনো অন্তৰ্নিহিত অৱস্থাৰ কথা আঙুলিয়াই দিয়ে, তেতিয়াও সময়মতে নিদান আৰু চিকিৎসাই যথেষ্ট পৰিৱৰ্তন আনিব পাৰে।”

ডিব্ৰুগড় আৰু ওচৰৰ অঞ্চলৰ বাসিন্দাসকলে ২০ জুন তাৰিখে ডিব্ৰুগড় মেডিচিটি(চাৰ্কিট হাউছ ৰোড, এএমচি ৰোড, ডিব্ৰুগড়, অসম ৭৮৬০০১)ত ডাঃ জ্যোতি চেহগালৰ পৰামৰ্শ ল’ব পাৰিব।
এপইনমেণ্টৰ বাবে নম্বৰ: +91 7086293152।

মেদান্তাই অসমীয়া, বাংলা, নাগামীজ, ইংৰাজী আৰু হিন্দী ভাষাত সহায় সহযোগিতাৰে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত চিকিত্সাৰ সুবিধা উন্নত কৰাৰ বাবে এটা নিৰ্দিষ্ট হেল্পলাইন +91 8904395588 আৰম্ভ কৰিছে। পুৱা ৮ বজাৰ পৰা নিশা ৮ বজালৈ উপলব্ধ, ই চিকিৎসক নিৰ্বাচন আৰু এপইণ্টমেণ্টত সহায় কৰে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *