গড্ৰেজ এণ্টাৰপ্ৰাইজৰ চেন্নাইৰ কেন্দ্ৰই সম্পূৰ্ণ কৰিলে ২৫ বছৰ, গুদামৰ সামৰ্থ্যৰ সম্প্ৰসাৰণ

গড্ৰেজ এণ্টাৰপ্ৰাইজ গ্ৰুপে চেন্নাইৰ উৎপাদন কেন্দ্ৰৰ ২৫ বছৰীয়া জয়ন্তী উপলক্ষে ভাৰতত স্বয়ংক্ৰিয়কৰণ, উদ্ভাৱন আৰু পৰৱৰ্তী প্ৰজন্মৰ গুদামৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে চেন্নাই আৰু বেংগালুৰু প্লাণ্টত বিনিয়োগ অব্যাহত ৰখাৰ কথা ঘোষণা কৰিছে।
প্ৰতিষ্ঠানটোৱে কয় যে চেন্নাইৰ এই সুবিধা কেন্দ্ৰটোৱে বিগত ডেৰ-দুটা দশকত এটা ডাঙৰ উৎপাদন আৰু অভিযান্ত্ৰিক কেন্দ্ৰলৈ বিকশিত হৈছে, যিয়ে ভাৰতৰ ক্ৰমবৰ্ধমান লজিষ্টিক আৰু গুদাম খণ্ডক সহায় কৰিছে। ইন্ট্ৰালজিষ্টিকছৰ ৭০ বছৰতকৈ অধিক বিশেষজ্ঞতাৰ দ্বাৰা সমৰ্থিত এই ব্যৱসায়ে ই-কমাৰ্চ, দ্ৰুত বাণিজ্য আৰু উৎপাদন উদ্যোগৰ বৰ্ধিত চাহিদা পূৰণ কৰিবলৈ অটোমেচন-কেন্দ্ৰিক উৎপাদন, নিখুঁত অভিযান্ত্ৰিকী আৰু ডিজিটেল ডিজাইন-টু-ডেলিভাৰী ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
প্ৰতিষ্ঠানটোৰ মতে, এই কেন্দ্ৰটো অঞ্চলটোৰ সৰ্ববৃহৎ ইন্ট্ৰালজিষ্টিকছ উৎপাদন গোটৰ ভিতৰত অন্যতম আৰু ই উচ্চ নিখুঁত ব্যৱস্থা উৎপাদন কৰে, যিয়ে স্বয়ংক্ৰিয় আৰু উচ্চ ঘনত্বৰ গুদাম কাৰ্য-কলাপ সমৰ্থন কৰে। এই বিনিয়োগে বৃহৎ পৰিসৰৰ প্ৰকল্পৰ বাবে নিষ্পাদনৰ গতি, নিখুঁততা আৰু পৰিমাপযোগ্যতা উন্নত কৰিব বুলি আশা কৰা হৈছে।
গড্ৰেজ এণ্টাৰপ্ৰাইজ গ্ৰুপৰ ষ্টৰেজ সেৱাৰ ব্যৱসায়িক মুৰব্বী বিকাশ চৌদাহাই কয় যে, গুদাম খণ্ডটোৱে শক্তিশালী বৃদ্ধিৰ সাক্ষী হৈ আছে, বাৰ্ষিক ব্যৱহাৰ-উপস্থিতি প্ৰায় ৩ কোটি ৯০ লাখ বৰ্গফুট অতিক্ৰম কৰিছে।
এই সম্প্ৰসাৰণ তাৎপৰ্যপূৰ্ণ কাৰণ উত্তৰ-পূব দক্ষিণ-পূব এছিয়াৰ সৈতে বাণিজ্যৰ বাবে লজিষ্টিক আৰু বিতৰণৰ দুৱাৰ হিচাপে গুৱাহাটী মহানগৰীৰ ক্ৰমান্বয়ে উত্থান ঘটিছে। গুৱাহাটী আৰু ইয়াৰ আশে-পাশে বৃদ্ধি পোৱা গুদামৰ চাহিদা উন্নত ষ্টোৰেজ আৰু স্বয়ংক্ৰিয়কৰণ সেৱাৰ দ্বাৰা লাভৱান হ’ব বুলি আশা কৰা হৈছে যিয়ে যোগান শৃংখলৰ দক্ষতা উন্নত কৰে আৰু আঞ্চলিক ঔদ্যোগিক বৃদ্ধিত সহায় কৰে।
কোম্পানীটোৱে সমগ্ৰ আমেৰিকা, ইউৰোপ, মধ্যপ্ৰাচ্য, আছিয়ান আৰু অষ্ট্ৰেলিয়াৰ ৪০খনতকৈও অধিক দেশলৈ ইন্ট্ৰালজিষ্টিক সেৱা-সামগ্ৰী ৰপ্তানি কৰে আৰু ভাৰতৰ যোগান শৃংখলৰ প্ৰতিযোগিতামূলক ক্ষমতা শক্তিশালী কৰিবলৈ স্বয়ংক্ৰিয়কৰণ, ডিজিটেল ৰূপান্তৰ আৰু বহনক্ষমতাৰ ওপৰত গুৰুত্ব অব্যাহত ৰাখিব বুলি উল্লেখ কৰিছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *