সোমবাৰে মিজোৰামৰ ৰাজ্যপাল ভি কে সিঙে ড্ৰাগছৰ অপব্যৱহাৰৰ বিৰুদ্ধে সামূহিক পদক্ষেপৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰাইজক মিজো মূল্যবোধ ‘ত্লাওমঙাইহনা’ — নিস্বাৰ্থতা, সহানুভূতি আৰু স্বেচ্ছাসেৱাৰ মনোভাৱ বজাই ৰাখিবলৈ আহ্বান জনায়।
য়ং মিজো এছ’চিয়েচনৰ (ৱাই এম এ) ৯১ সংখ্যক প্ৰতিষ্ঠা দিৱসত ৰাইজক শুভেচ্ছা জনাই সিঙে ড্ৰাগছ আৰু নিচাযুক্ত দ্ৰব্যৰ পৰা আঁতৰি থাকিবলৈ আৰু বিশেষকৈ যুৱপ্ৰজন্মৰ উজ্জ্বল ভৱিষ্যত সুৰক্ষিত কৰিবলৈ এই ব্যাধিৰ বিৰুদ্ধে সামূহিক যুঁজ শক্তিশালী কৰিবলৈ আহ্বান জনায়।
তেওঁ লগতে সমাজৰ বিভিন্ন শ্ৰেণীৰ মাজত একতা বৃদ্ধি, জ্যেষ্ঠসকলক সন্মান আৰু চহকী সাংস্কৃতিক ঐতিহ্যত শিপাই থকাৰ আহ্বান জনায়।
ৱাই এম এক মিজোৰামৰ সৰ্ববৃহৎ সামাজিক-সাংস্কৃতিক আৰু স্বেচ্ছাসেৱী সংগঠন বুলি বৰ্ণনা কৰি ৰাজ্যপালগৰাকীয়ে কয় যে প্ৰতিষ্ঠাৰে পৰা এই সংগঠনটোৱে সমাজ সেৱাৰ ক্ষেত্ৰত আগভাগ লৈ আহিছে। তেওঁ দুখীয়া-নিচলাক সহায় কৰা, মিজো সংস্কৃতি, পৰম্পৰা আৰু ঐতিহ্য সংৰক্ষণ আৰু প্ৰসাৰ কৰা আৰু বিভিন্ন পদক্ষেপ সফলভাৱে ৰূপায়ণত চৰকাৰক মূল্যৱান সমৰ্থন আগবঢ়োৱাৰ বাবে ৱাই এম এৰ ধাৰাবাহিক প্ৰচেষ্টাৰ শলাগ লয়।
