২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে ২৫৩০ কোটি টকাৰ বোনাছ ঘোষণা এক্সিছ মেক্স লাইফ ইঞ্চুৰেন্সৰ

পূৰ্বে মেক্স লাইফ ইঞ্চুৰেন্স কোম্পানী লিমিটেড নামেৰে পৰিচিত এক্সিছ মেক্স লাইফ ইঞ্চুৰেন্স লিমিটেডে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে যোগ্য পলিচিধাৰীসকলৰ বাবে ২,৫৩০ কোটি টকাৰ অংশগ্ৰহণকাৰী (পিএআৰ) বোনাছ ঘোষণা কৰিছে, যি একেৰাহে ২৪ সংখ্যক বাৰ্ষিক বোনাছ।বীমা প্ৰতিষ্ঠানটোৱে কয় যে, এই বোনাছে ২১ লাখতকৈ অধিক যোগ্য অংশগ্ৰহণকাৰী পলিচিধাৰীক লাভৱান কৰিব আৰু ২০২৬ চনৰ জুলাই মাহৰ পৰা বিতৰণ আৰম্ভ হ’ব। এই শেহতীয়া ঘোষণাৰ জৰিয়তে বিগত ২৪ বছৰত কোম্পানীটোৰ সঞ্চিত বোনাছ পৰিশোধ ১৮,৩৭৭ কোটি টকা হৈছে।

কোম্পানীটোৰ মতে পিআৰ ফাণ্ডৰ আকাৰ ২০২৫ বিত্তীয় বৰ্ষত ৭৪,১১৯ কোটি টকাৰ পৰা ২৬ বিত্তীয় বৰ্ষত ৭৯,০০৩ কোটি টকালৈ বৃদ্ধি পাইছে। যোৱা দশকত এই পুঁজিয়ে ১৭ শতাংশ চক্রবৃদ্ধি বাৰ্ষিক বৃদ্ধিৰ হাৰ (চিএজিআৰ) অৰ্জনেৰে অভিলেখ গঢ়িছে, যিয়ে নিজৰ অংশগ্ৰহণকাৰী ব্যৱসায়িক পৰ্টফলিঅ’ৰ স্থায়ী বৃদ্ধিৰ প্ৰতিফলন ঘটাইছে। কোম্পানীটোৱে ঘোষণা কৰা বাৰ্ষিক বোনাছ বছৰি ক্ৰমাগতভাৱে বৃদ্ধি পাইছে, ২০২২ বিত্তীয় বৰ্ষত ১,৪৬৯ কোটি টকাৰ পৰা ২০২৩ বিত্তীয় বৰ্ষত ১,৬০৪ কোটি, ২০২৪ বিত্তীয় বৰ্ষত ১,৮২৬ কোটি, ২০২৫ বিত্তীয় বৰ্ষত ২,১৩৫ কোটি আৰু ২০২৬ বিত্তীয় বৰ্ষত ২,৫৩০ কোটি টকালৈ বৃদ্ধি পাইছে।

এক্সিছ মেক্স লাইফৰ অংশগ্ৰহণকাৰী প্ৰডাক্টসমূহে নগদ বোনাছ, ৰিভাৰ্চনেৰী বোনাছ আৰু টাৰ্মিনেল বোনাছকে ধৰি বিভিন্ন বোনাছ বিকল্প আগবঢ়ায়। ইয়াৰ লগতে প্ৰডাক্টসমূহে পলিচিধাৰীক বোনাছ সঞ্চয়, সঞ্চিত বোনাছৰ আংশিক প্ৰত্যাহাৰ, পৰিশোধ সংযোজন আৰু প্ৰিমিয়াম অফছেটৰ দৰে বৈশিষ্ট্যও প্ৰদান কৰে, যিয়ে সাধাৰণ বীমা কৰা ধনৰাশিক প্ৰভাৱিত নকৰে। গুৱাহাটী মহানগৰীত অধিক বোনাছ ঘোষণাই অংশগ্ৰহণকাৰী জীৱন বীমা সামগ্ৰীৰ প্ৰতি গ্ৰাহকৰ আস্থা শক্তিশালী কৰিব পাৰে, বিশেষকৈ অঞ্চলটোত ক্ৰমাৎ বৃদ্ধি পোৱা বিত্তীয় সজাগতাৰ মাজতে গ্ৰাহকে দীৰ্ঘম্যাদী সঞ্চয় আৰু সুৰক্ষা সেৱাৰ সন্ধান ক্ৰমাৎ বৃদ্ধি পাইছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *