মোমায়েকৰ ঘৰলৈ ফুৰিবলৈ আহি সমনীয়াৰ সৈতে ৰেস্তোৰাঁত খেলি থাকোতেই হঠাৎ ঢলি পৰি মৃত্যুক সাৱটিবলগীয়া হ’ল এগৰাকী ১৪ বৰ্ষীয় কিশোৰীয়ে। গুজৰাটৰ ৰাজকোটত সম্ভাৱ্য হৃদৰোগত আক্ৰান্ত হৈ কৰুণ মৃত্যু ঘটে আনন্দী মোদী নামৰ এই কিশোৰীগৰাকীৰ। জানিব পৰা মতে, গৰমৰ বন্ধ আৰু পবিত্ৰ পুৰুষোত্তম মাহ উপলক্ষে স্কুল বন্ধ থকাৰ বাবে জামনগৰৰ পৰা মোমায়েকৰ ঘৰলৈ ফুৰিবলৈ আহিছিল আনন্দী।
দেওবাৰে সন্ধিয়া কিশোৰীগৰাকীয়ে পৰিয়ালৰ লোকৰ সৈতে এখন স্থানীয় ৰেস্তোৰাঁলৈ নৈশ আহাৰ গ্ৰহণ কৰিবলৈ গৈছিল। খোৱা-বোৱা শেষ কৰি আনন্দীয়ে ৰেস্তোৰাঁ প্ৰাংগণতে থকা আন আন শিশুসকলৰ সৈতে খেলিবলৈ আৰম্ভ কৰে। ল’ৰা-ছোৱালী জাকে এজনে আনজনক ধৰিবলৈ দৌৰা-দৌৰি কৰি থকাৰ সময়তে কিশোৰীগৰাকীৰ গতি হঠাৎ মন্থৰ হৈ পৰে আৰু তেওঁ মাটিত বাগৰি পৰে। ঘটনাৰ এক ভিডিঅ’ত আনন্দীয়ে দৌৰি থকা অৱস্থাতে থমকি ৰৈ মাটিত ঢলি পৰা দৃশ্য স্পষ্টকৈ দেখা গৈছে।
ঘটনাৰ পিছতে তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে কিশোৰীগৰাকীৰ মৃত্যু হয়। প্ৰাথমিকভাৱে এয়া হৃদৰোগৰ ঘটনা বুলি সন্দেহ কৰা হৈছে যদিও আৰক্ষীয়ে সমগ্ৰ বিষয়টোৰ ওপৰত অধিক তদন্ত অব্যাহত ৰাখিছে।
উল্লেখ্য যে উত্তৰ প্ৰদেশৰ আলিগড়তো বিগত ২০২৪ চনৰ ডিচেম্বৰ মাহত অনুৰূপ এক কৰুণ ঘটনা সংঘটিত হৈছিল। তাত বিদ্যালয়ৰ এক ক্ৰীড়া প্ৰতিযোগিতাৰ বাবে দৌৰি থকাৰ সময়তে মোহিত চৌধুৰী নামৰ এজন ১৪ বছৰীয়া কিশোৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছিল। ঠিক একেদৰে, একেখন জিলাৰে আৰানা গাঁৱতো ২০২৪ চনৰ নৱেম্বৰ মাহত মমতা নামৰ এগৰাকী ২০ বছৰীয়া যুৱতীও দৌৰি থকা অৱস্থাতে হাৰ্ট এটেকত আক্ৰান্ত হৈছিল। কম বয়সীয়া ল’ৰা-ছোৱালীৰ মাজত দেখা যোৱা এনে আকস্মিক হৃদৰোগৰ ঘটনাই এতিয়া সমগ্ৰ দেশতে বিশেষ চিন্তাৰ সৃষ্টি কৰিছে।
