সন্ত্ৰাসবাদী বিৰোধী অভিযানত দেখুওৱা অসাধাৰণ বীৰত্বৰ বাবে দেশৰ অন্যতম সৰ্বোচ্চ শান্তিকালীন সামৰিক সন্মান ‘শৌৰ্য চক্ৰ’ৰে সন্মানিত কৰা হ’ল অসমৰ সুযোগ্য সন্তান মেজৰ ভাৰ্গৱ কলিতাক। কামৰূপ জিলাৰ পলাশবাৰীৰ এইগৰাকী সুযোগ্য সন্তান তথা ভাৰতীয় সেনাৰ কুমাওঁ ৰেজিমেণ্ট আৰু ৫০ সংখ্যক ৰাষ্ট্ৰীয় ৰাইফলছ বেটেলিয়নৰ জ্যেষ্ঠ বিষয়া মেজৰ ভাৰ্গৱ কলিতাক তেওঁৰ উৎকৃষ্ট অপাৰেচনেল সফলতাৰ বাবে আজি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে প্ৰদান কৰে এই বিৰল সন্মান। প্ৰণিধানযোগ্য যে, মেজৰ কলিতা নেশ্যনেল কেডেট কৰ্পছৰ উত্তৰ-পূব ক্ষেত্ৰৰ প্ৰাক্তন অতিৰিক্ত সঞ্চালক প্ৰধান তথা অৱসৰপ্ৰাপ্ত মেজৰ জেনেৰেল ভাস্কৰ কলিতাৰ পুত্ৰ।
উল্লেখ্য যে ২০২২ চনৰ অক্টোবৰ মাহৰ পৰাই জম্মু-কাশ্মীৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি তিনিগৰাকী কুখ্যাত সন্ত্ৰাসবাদীক নিৰ্মূল কৰাৰ লগতে চাৰিজন সক্ৰিয় সদস্যক কৰায়ত্ত কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল মেজৰ ভাৰ্গৱ কলিতাই।
বিগত ২০২৪ চনৰ ২ ডিচেম্বৰত লাভ কৰা এক গোপন খবৰৰ ভিত্তিত মেজৰ ভাৰ্গৱ কলিতাই এটা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এক অতৰ্কিত আৰু সুপৰিকল্পিত অভিযানৰ নেতৃত্ব দিয়ে। নিজৰ দলটোক অতি কৌশলেৰে নিৰ্দিষ্ট স্থানত মোতায়েন কৰি তেওঁ লক্ষ্য আগবাঢ়ি অহাৰ বাবে ধৈৰ্য্যৰে অপেক্ষা কৰে। অতি ওচৰৰ পৰা প্ৰত্যাহ্বান জনোৱাৰ মুহূৰ্ততে সন্ত্ৰাসবাদীজনে সুৰক্ষা বাহিনীক লক্ষ্য কৰি ধাৰাবাহিক গুলীচালনা কৰি তাৰ পৰা পলায়নৰ চেষ্টা চলায়।
এনে বিপদসংকুল পৰিস্থিতিত অলপো পিছহুহকি নোযোৱাকৈ মেজৰ কলিতাই নিজৰ দলটোক শত্ৰুৰ পলায়নৰ সকলো পথ অৱৰুদ্ধ কৰিবলৈ নিৰ্দেশ দিয়ে। নিজৰ জীৱনক তুচ্ছ কৰি তেওঁ গুলীবৰ্ষণৰ মাজতে অতি সাহসেৰে সন্ত্ৰাসবাদীটো লুকাই থকা স্থানৰ দিশে বগাই আগবাঢ়ি যায়। ইয়াৰ পাছতে এক তীব্ৰ মুখামুখি যুঁজত অৱতীৰ্ণ হৈ অৱশেষত দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীটোক নিৰ্মূল কৰিবলৈ সক্ষম হয় অসমৰ এইগৰাকী সেনা বিষয়াই।
জম্মু-কাশ্মীৰত সন্ত্ৰসাবাদীৰ বিৰুদ্ধে দেখুওৱা বীৰত্বৰ স্বীকৃতিস্বৰূপে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে আজি শৌৰ্য চক্ৰ বঁটাৰে সন্মানিত কৰে অসম সন্তান মেজৰ ভাৰ্গৱ কলিতাক।
