বিশ্বজুৰি সৃষ্টি হোৱা সংকটৰ বাবে চিলিণ্ডাৰৰ মূল্যবৃদ্ধি অনিবাৰ্যঃ কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশী

গেছ চিলিণ্ডাৰৰ মূল্যবৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰো অতি দুঃখিত আৰু অনুতপ্ত। কিন্তু সমগ্ৰ বিশ্বৰ বৰ্তমান পৰিস্থিতিৰ বাবে এইয়া একেবাৰে অনিবাৰ্য। – ঘৰুৱা ব্যৱহাৰ্য চিলিণ্ডাৰৰ মূল্যবৃদ্ধিক লৈ সমগ্ৰ দেশজুৰি সৃষ্টি হোৱা তীব্ৰ প্ৰতিক্ৰিয়াৰ মাজতে দেওবাৰে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে। কৰ্ণাটকৰ ধৰৱাড়ত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰীজনে বিৰোধীৰ সমালোচনাৰ প্ৰত্যুত্তৰ দি আটাইকে বিশ্বৰ বৰ্তমান সংকটজনক পৰিস্থিতি অনুধাৱন কৰিবলৈ আহ্বান জনায়।

ৰাজ্যিক মালিকানাধীন ইন্ধন খুচুৰা বিক্ৰেতাসকলে ঘৰুৱা ৰন্ধন গেছৰ মূল্য প্ৰতি চিলিণ্ডাৰত পুনৰ ২৯ টকাকৈ বৃদ্ধি কৰিছে। বিশ্বব্যাপী শক্তিৰ বৰ্ধিত ব্যয়ৰ সৈতে মোকাবিলা কৰিবলগীয়া হোৱাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰা বুলি কোম্পানীসমূহে প্ৰকাশ কৰিছে। যোৱা তিনি মাহৰ ভিতৰত এয়া দ্বিতীয়টো মূল্যবৃদ্ধি হিচাপে পৰিগণিত হৈছে। মন্ত্ৰী যোশীয়ে জানিবলৈ দিয়া অনুসৰি, বৰ্তমান সময়ত কোনো সামগ্ৰী পৰিবহণ সম্ভৱ হৈ উঠা নাই আৰু অতি সীমিত উৎসৰ পৰাহে এল পি জি উপলব্ধ হৈছে। তেওঁ উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে গ্ৰাহকসকলৰ অসুবিধা দূৰ কৰিবলৈ দূৰৱৰ্তী দেশসমূহৰ পৰা ক্ৰয় প্ৰক্ৰিয়া বৃদ্ধি কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে।

উল্লেখ্য যে যোৱা ২৮ ফেব্ৰুৱাৰীত ইৰাণৰ ওপৰত আমেৰিকা আৰু ইজৰাইলৰ যৌথ আক্ৰমণৰ পাছতে পশ্চিম এছিয়াত তীব্ৰ যুদ্ধৰ সূচনা হয়। এই বিশ্বব্যাপী সংকটৰ বাবে আন্তঃৰাষ্ট্ৰীয় ইন্ধনৰ মূল্য বৃদ্ধি পোৱাৰ লগতে পৰিবহণ আৰু বীমাৰ খৰচো বহুগুণে বাঢ়ি গৈছে। ইয়াৰ পূৰ্বে যোৱা ৭ মাৰ্চতো প্ৰতি চিলিণ্ডাৰত ৬০ টকাকৈ মূল্যবৃদ্ধি ঘটিছিল।

এই সমগ্ৰ পৰিস্থিতি ব্যাখ্যা কৰি সংবাদ মেলত কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে পুনৰ কয়, “পৰিবহণ ব্যয় এতিয়া যথেষ্ট বেছি, মূল খৰচো বৃদ্ধি পাইছে আৰু দীৰ্ঘদিনীয়া যাতায়তৰ বাবে বীমাৰ খৰচো বহুগুণে বাঢ়ি গৈছে। গতিকে আমি চৰকাৰীভাৱে সৰ্বসাধাৰণ জনতাক লৈ সমানেই চিন্তিত, কিন্তু একে সময়তে এই মূল্যবৃদ্ধি বৰ্তমান পৰিস্থিতিত সম্পূৰ্ণ অনিবাৰ্য হৈ পৰিছে।”

কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা এক বিবৃতিত উল্লেখ কৰা অনুসৰি, আন্তঃৰাষ্ট্ৰীয় বজাৰত মূল্য অভূতপূৰ্বভাৱে বৃদ্ধি পোৱাৰ পিছতো ভাৰতীয় পৰিয়ালে বিশ্বৰ ভিতৰতে আটাইতকৈ কম মূল্যত ৰন্ধন গেছ লাভ কৰি আছে। বৰ্তমান ঘৰুৱা চিলিণ্ডাৰ যোগান ধৰাৰ ব্যয় ১,৬০০ টকাতকৈ অধিক হৈছেগৈ। ভাৰতৰ এল পি জি আমদানীৰ খৰচ চৌদি কণ্ট্ৰেক্ট প্ৰাইচৰ সৈতে সংলগ্ন, যাৰ মূল্য ফেব্ৰুৱাৰী মাহৰ পৰা হৰমুজ প্ৰণালীৰ সংকটৰ বাবে প্ৰায় ৪৬ শতাংশ বৃদ্ধি পাইছে।

অন্যহাতে, এই সংবাদ মেলতে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰক তীব্ৰ সমালোচনা কৰে কেন্দ্ৰীয় মন্ত্ৰীজনে। ৰাজ্যখনৰ শাসকীয় দলটোৰ ভিতৰচৰাত দুৰ্নীতি, পৰিয়ালবাদ আৰু তীব্ৰ কন্দল চলি থকা বুলি তেওঁ দাবী কৰে। শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছতে এগৰাকী মন্ত্ৰীয়ে পদত্যাগ কৰা আৰু আন কেইবাজনেও মুকলিকৈ অসন্তুষ্টি প্ৰকাশ কৰা কাৰ্যই কৰ্ণাটক চৰকাৰ আৰু প্ৰশাসনৰ দুৰৱস্থা প্ৰতিপন্ন কৰা বুলি কটাক্ষ কৰে জ্যেষ্ঠ বিজেপি নেতাজনে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *