মালাবাৰ গ্ৰুপৰ মানৱীয় পদক্ষেপ হাংগাৰ ফ্ৰী ৱৰ্ল্ড-এ ইয়াৰ পথৰ কাষৰ লোকসকলক খাদ্য বিতৰণ কাৰ্যসূচী-ৰ ব্যাপক সামাজিক প্ৰভাৱৰ কথা প্ৰকাশ কৰিছে। এই কাৰ্যসূচীয়ে দেখুৱাইছে যে কেনেকৈ নিয়মীয়া আহাৰ যোগানে দুৰ্বল তথা অসহায় লোকসকলৰ বাবে পুনৰ্সংস্থাপন, স্বাস্থ্যসেৱা, আশ্ৰয় গৃহ লাভ আৰু পৰিয়ালৰ সৈতে পুনৰ মিলনৰ এক মাধ্যম হৈ পৰিব পাৰে। বিশ্ব ক্ষুধা দিৱসৰ সৈতে সংগতি ৰাখি গ্ৰুপটোৱে ইমপেক্ট ষ্ট’ৰীজ: হাউ এ ডেইলী মিল অপেনছ দ্য ড’ৰ টু এ ট্ৰান্সফৰ্মড লাইফ শীৰ্ষক এক পুনৰ্সংস্থাপন প্ৰভাৱ প্ৰতিবেদন প্ৰকাশ কৰে। এই প্ৰতিবেদনত দৈনিক খাদ্য বিতৰণৰ সময়ত হোৱা বাৰ্তালাপৰ জৰিয়তে কেনেকৈ লোকসকলৰ জীৱন সলনি কৰা সম্ভৱ হৈছে, তাৰ কেতবোৰ ঘটনা লিপিবদ্ধ কৰা হৈছে। এই কাৰ্যসূচী তৃণমূল পৰ্যায়ত থানাল নামৰ স্বেচ্ছাসেৱী সংস্থাটোৱে ৰূপায়ণ কৰিছে।
ভাৰতৰ ২০খন ৰাজ্য আৰু ছয়খন জিচিচি দেশ, আমেৰিকা যুক্তৰাষ্ট্ৰ, যুক্তৰাজ্য(ইউ কে) আৰু জাম্বিয়াক ধৰি মুঠ ৯খন দেশত এই অভিযান চলি আছে। বৰ্তমান ইয়াৰ দুটা মুখ্য কাৰ্যসূচী— ‘ষ্ট্ৰীট মিল ডিষ্ট্ৰিবিউচন প্ৰগ্ৰেম’ আৰু ‘মাইক্ৰ’ লাৰ্নিং চেণ্টাৰ’ৰ জৰিয়তে ১.৪৩ লাখতকৈও অধিক হিতাধিকাৰীৰ কাষ চাপিবলৈ সক্ষম হৈছে। মালাবাৰ গ্ৰুপৰ অধ্যক্ষ এম পি আহম্মদে এই পদক্ষেপৰ সন্দৰ্ভত কয় যে, ধাৰাবাহিকভাৱে খাদ্য যোগান ধৰিলে লোকসকলৰ মনত বিশ্বাসৰ ভাব গঢ়ি উঠে, যাৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী সময়ত নিজৰ পুনৰ্সংস্থাপন, স্বাস্থ্যসেৱা, মানসিক সমৰ্থন আৰু মৰ্যাদা পুনৰুদ্ধাৰৰ কাম কৰিব পৰা যায়।
এই প্ৰতিবেদনত ভাৰতৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও সফলতাৰ কাহিনী উল্লেখ কৰা হৈছে। যেনে— নাগৰকোইলত এজন বৃদ্ধক নিজৰ ইচ্ছা অনুসৰি এটি সুৰক্ষিত আশ্ৰয় গৃহৰ সৈতে সংযোগ কৰা হয়; কুম্বাকোনমত এজন শয্যাশায়ী ব্যক্তিক পুনৰ সংস্থাপন আৰু স্বাস্থ্য সজাগতাৰে সহায় কৰা হয়; চেন্নাইত এগৰাকী দুৰ্দশাগ্ৰস্ত মহিলাক ধাৰাবাহিক প্ৰচেষ্টাৰ জৰিয়তে আশ্ৰয় কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয়। ইয়াৰ উপৰিও এই কাৰ্যসূচীৰ জৰিয়তে উড়ুপি আৰু চেন্নাইৰ মাজত এটা পৰিয়ালক পুনৰ একত্ৰিত কৰা হয় আৰু তিৰুচিৰাপল্লীত এজন শাৰীৰিকভাৱে প্ৰত্যাহ্বানপূৰ্ণ জ্যেষ্ঠ নাগৰিকক চিকিৎসা আৰু আশ্ৰয়ৰ ব্যৱস্থা কৰি দিয়া হয়। এই সমগ্ৰ পদক্ষেপ মালাবাৰ গ্ৰুপৰ বৃহৎ কৰ্পোৰেট সামাজিক দায়বদ্ধতা ৰণনীতিৰ অংশ, যাৰ উদ্দেশ্য হৈছে সৰ্বাংগীণ উন্নয়ন। প্ৰতিষ্ঠানটোৱে নিজৰ মুঠ ব্যৱসায়িক লাভৰ ৫ শতাংশ সমাজ কল্যাণমূলক কামত খৰচ কৰে, যাৰ ভিতৰত ক্ষুধা নিবাৰণ, শিক্ষা, স্বাস্থ্যসেৱা, গৃহ নিৰ্মাণ, মহিলা সবলীকৰণ আৰু পৰিৱেশৰ বহনক্ষমতা আদি অন্তৰ্ভুক্ত।
