দিল্লীৰ মালব্য নগৰৰ অগ্নিকাণ্ডৰ ভয়াৱহতা মাৰ নৌযাওঁতেই এইবাৰ বিহাৰৰ মুজাফ্ফৰপুৰ জিলাত সংঘটিত হৈছে আন এক অনুৰূপ কৰুণ ঘটনা। জিলাখনৰ এখন হাস্পতালত বুধবাৰে পুৱতি নিশা জুই লাগি ৪ গৰাকী ৰোগীৰ কৰুণ মৃত্যু ঘটে।
প্ৰাপ্ত তথ্য অনুসৰি, নিশা প্ৰায় ৩ বজাত হাস্পতালখনৰ আই চি ইউ কক্ষত এই জুইৰ সূত্ৰপাত হয়। মুহূৰ্তৰ ভিতৰতে জুইৰ ফলত সৃষ্টি হোৱা ক’লা ধোঁৱাই সমগ্ৰ অট্টালিকাটো আৱৰি ধৰাত হাস্পতালখনৰ ভিতৰত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়। প্ৰাৰম্ভিক তদন্তত অক্সিজেন ইউনিট আৰু মনিটৰ প্ৰণালীত হোৱা চৰ্ট চাৰ্কিটৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে।
অগ্নিনিৰ্বাপক বাহিনীৰ ১০ খনতকৈও অধিক গাড়ীয়ে কেইবা ঘণ্টাজোৰা চেষ্টাৰ অন্তত জুই নিয়ন্ত্ৰণলৈ আনে। উদ্ধাৰকাৰী দলে হাস্পতালৰ দুৱাৰ-খিৰিকী ভাঙি ২০ জনতকৈও অধিক ৰোগীক সুৰক্ষিতভাৱে উদ্ধাৰ কৰে। এই দুৰ্ঘটনাত অগ্নিদগ্ধ হৈ থিতাতে প্ৰাণ হেৰুওৱা লোককেইজনক শশাংক কুমাৰ, উদয় কুমাৰ, গীতা দেৱী আৰু ব্ৰজনন্দ ৰায় বুলি চিনাক্ত কৰা হৈছে।
জিলাখনৰ জিলা দণ্ডাধীশ সুব্ৰত কুমাৰ সেনে জনোৱা অনুসৰি, এই ঘটনাত হাস্পতালখনৰ আই চি ইউৰ ইন-চাৰ্জগৰাকীও গুৰুতৰভাৱে আহত হৈছে। চিকিৎসালয়খনত ভৰ্তি হৈ থকা আন কেইবাজনো ৰোগীৰ অৱস্থা বৰ্তমান সংকটজনক বুলি জানিব পৰা গৈছে। জিলা অসামৰিক শল্য চিকিৎসক আৰু প্ৰশাসনে সমগ্ৰ চিকিৎসা সেৱাৰ তদাৰক কৰিছে।
ইফালে, অগ্নিকাণ্ডৰ পিছতেই হাস্পতাল কৰ্তৃপক্ষৰ বিৰুদ্ধে চৰম গাফিলতিৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীৰ পৰিয়ালসমূহে। অগ্নি নিৰ্বাপক বাহিনীৰ বিষয়াই প্ৰকাশ কৰা মতে, উদ্ধাৰকাৰী দল উপস্থিত হোৱাৰ সময়ত হাস্পতালখনৰ বেছিভাগ কৰ্মচাৰীয়েই পলায়ন কৰিছিল। আনকি মৃতদেহ হস্তান্তৰ নকৰাকৈয়ে কৰ্তৃপক্ষই দায়িত্বজ্ঞানহীন আচৰণ কৰা বুলিও একাংশই গুৰুতৰ অভিযোগ তুলিছে। আৰক্ষী আৰু প্ৰশাসনে ঘটনাৰ প্ৰকৃত কাৰণ জানিবলৈ ইতিমধ্যে এক উচ্চস্তৰীয় তদন্ত আৰম্ভ কৰিছে।
