চৰকাৰী বিষয়া-কৰ্মচাৰীলৈ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা আহিল এটা কঠোৰ নিৰ্দেশ। এতিয়াৰে পৰা ১০বজাৰ লগে লগে সকলো বিষয়া-কৰ্মচাৰী উপস্থিত হ’ব লাগিব কাৰ্যালয়ত।যদিহে এই নিয়ম কোনো বিষয়া-কৰ্মচাৰীয়ে অমান্য কৰে তেন্তে বিভাগীয় শাস্তিৰ সন্মুখীন হোৱাৰ লগতে দৰমহা কৰ্তন কৰা হ’ব।সকলো চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বাবে এতিয়া Biometric Attendance অনিবাৰ্য ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। যোৱা সোমবাৰে মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা এই নিৰ্দেশনা জাৰি কৰা হৈছে। এতিয়াৰে পৰা চৰকাৰী বিষয়া-কৰ্মচাৰীসকলৰ কামৰ প্ৰতি হেমাহি সহ্য কৰা নহয় বুলি স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰীয়ে।বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে এই নিয়ম কঠোৰভাৱে পালন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।
চৰকাৰী কৰ্মচাৰীৰ বাবে বায়’মেট্ৰিক হাজিৰা অনিবাৰ্য, পলম হ’লে শাস্তি আৰু দৰমহা কৰ্তন
