যোৱা শনিবাৰৰ পৰা যোৰহাটৰ পৰা সন্ধানহীন হৈ থকা চাৰিগৰাকীকৈ স্কুলীয়া ছাত্ৰ-ছাত্ৰীক অৱশেষত মেঘালয়ৰ ৰাজধানী শ্বিলঙত সুস্থ শৰীৰে উদ্ধাৰ কৰা হয়। সোমবাৰে মেঘালয় আৰক্ষীৰ সহযোগত চলোৱা এক যুটীয়া অভিযানৰ অন্তত এই বৃহৎ সফলতা লাভ কৰাৰ কথা নিশ্চিত কৰে যোৰহাট আৰক্ষীয়ে।
প্ৰাপ্ত তথ্য অনুসৰি, দেওবাৰে ছাত্ৰ-ছাত্ৰী কেইগৰাকী স্কুলীয়া পোছাক পিন্ধি থকা অৱস্থাতে হঠাত্ সন্ধানহীন হৈ পৰিছিল। এই অন্তৰ্ধানৰ পিছতে চিন্তিত পৰিয়ালৰ লোকে স্থানীয় থানাত এক এজাহাৰ দাখিল কৰে। ঘটনাৰ গুৰুত্ব অনুধাৱন কৰি আৰক্ষীয়ে তত্কালীনভাৱে এক বিশেষ তালাচী অভিযান আৰম্ভ কৰে।
অনুসন্ধানৰ অন্তত আটাইকেইগৰাকী ছাত্ৰ-ছাত্ৰী শ্বিলঙত থকাৰ সম্ভেদ লাভ কৰি আৰক্ষীৰ দল তাত উপস্থিত হয় আৰু তেওঁলোকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰে। তেওঁলোকে কেনে পৰিস্থিতিত আৰু কি কাৰণত যোৰহাটৰ পৰা শ্বিলঙলৈ গৈছিল, সেই সমগ্ৰ বিষয়টো বৰ্তমানো পৰীক্ষা কৰি থকা হৈছে।
ইতিমধ্যে যাৱতীয় আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি ছাত্ৰ-ছাত্ৰী কেইগৰাকীক অসমলৈ ঘূৰাই আনিবৰ বাবে যোৰহাট আৰক্ষীৰ এটা দল শ্বিলঙলৈ ৰাওনা হৈছে।
