হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মন্ত্ৰীসভা সম্প্ৰসাৰণঃ কোনে কোনে লাভ কৰিব পাৰে মন্ত্ৰিত্ব?

অসমৰ মুখ্যমন্ত্ৰী ই ঘোষণা কৰা অনুসৰি অহা ৫ জুনত ৰাজ্যৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ’ব। এই ঘোষণাৰ পিছতেই ৰাজ্যৰ ৰাজনৈতিক মহলত কোন কোন বিধায়কে মন্ত্ৰিত্ব লাভ কৰিব তাক লৈ তীব্ৰ জল্পনা-কল্পনা আৰম্ভ হৈছে।

ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাক লৈ ৰাজ্যৰ জনতা যিমান উৎকণ্ঠিত হৈছে তাতকৈ বেছি উৎকণ্ঠাত আছে পূৰ্বৰ চৰকাৰৰ একাংশ প্ৰাক্তন মন্ত্ৰী আৰু বিধায়ক। একেদৰে বহুকেইখন নতুন মুখেও মন্ত্ৰিত্বৰ আশা পালি আছে ৫ জুনৰ দিনটোলৈ? পাছে মন্ত্ৰিত্বৰ দৌৰত কোনে মাৰিব শেষ হাঁহি তাক লৈ এতিয়া দিছপুৰত দিনে ৰাতিয়ে চলিছে চৰ্চা।নতুন মন্ত্ৰীসভাত কোন? বহু প্ৰাক্তন মন্ত্ৰীৰ কটা যাব নাম, নতুন মুখে লাভ কৰিব প্ৰাধান্য, হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এইবাৰৰ মন্ত্ৰীসভাত কোনে কোনে লাভ কৰিব মন্ত্ৰিত্ব?এইবাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত যে বহুকেইগৰাকী প্ৰাক্তন মন্ত্ৰীৰ তালিকাত নাম নাই বুলি জানিব পৰা গৈছে। পুৰণিৰ লগতে কেইবাখনো নতুন মুখক প্ৰাধান্য দি অহা ৫ জুনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ’ব। নতুন মন্ত্ৰীসভাত ১০-১২গৰাকী বিধায়কক মন্ত্ৰী হিচাপে দায়িত্ব দিয়াৰ সম্ভাৱনা আছে যদিও কোনে লাভ কৰিব মন্ত্ৰিত্বৰ দায়িত্ব তাৰ কোনো নিশ্চিত তথ্য নাই একাংশ বিধায়কৰ হাতত।বৰ্তমান মুখ্যমন্ত্ৰীসহ মাত্ৰ পাঁচজন সদস্যৰে মন্ত্ৰীসভা চলি আছে। সেয়েহে এইবাৰৰ সম্প্ৰসাৰণত ৭ৰ পৰা ১২জন নতুন মুখ অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে।যদিও চৰকাৰ বা বিজেপি নেতৃত্বই এতিয়ালৈকে সম্ভাব্য মন্ত্ৰীসকলৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই, তথাপিও বিজেপি আৰু মিত্ৰদলসমূহৰ কেইবাজনো জ্যেষ্ঠ বিধায়কৰ নাম ৰাজনৈতিক মহলত চৰ্চাত আছে। অভিজ্ঞ নেতা আৰু নতুন মুখৰ এক সংমিশ্ৰণ এই মন্ত্ৰীসভাত দেখা যাব বুলি অনুমান কৰা হৈছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *