ক্ষেত্ৰীত ট্ৰাকৰ পিছফালে প্ৰচণ্ড খুন্দা তীব্ৰবেগী বলেৰ’ৰ; মহিলাসহ চাৰিজনৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ৰৈ থকা এখন মালবাহী ট্ৰাকৰ পিছফালে এক তীব্ৰবেগী বলেৰ’ বাহনে প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত থিতাতে প্ৰাণ হেৰুৱাবলগীয়া হ’ল এগৰাকী মহিলাসহ চাৰিগৰাকীকৈ লোকে। মহানগৰীৰ ক্ষেত্ৰী থানাৰ অন্তৰ্গত তেতেলীয়াৰ ২২ মাইল অঞ্চলত শুকুৰবাৰে দিনৰ ভাগত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাগ্ৰস্ত বাহনখন অৰুণাচল প্ৰদেশৰ বুলি চিনাক্ত কৰা হৈছে।

প্ৰত্যক্ষদৰ্শী আৰু স্থানীয় ৰাইজে জনোৱা মতে, শুকুৰবাৰে দিনৰ প্ৰায় ১১ বজাত তেতেলীয়াৰ ২২ মাইলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এ এছ ০১ ইউ চি ১৬৩৩ নম্বৰৰ এখন ট্ৰাক ৰৈ আছিল। ঠিক সেই সময়তে গুৱাহাটী অভিমুখী এ আৰ ০১ কিউ ০০৪২ নম্বৰৰ এখন তীব্ৰবেগী বলেৰ’ বাহনে হঠাতে নিয়ন্ত্ৰণ হেৰুৱায় আৰু পথৰ দাঁতিত থকা ট্ৰাকখনৰ পিছফালে সোমাই পৰে। সংঘৰ্ষটো ইমানেই তীব্ৰ আছিল যে এক প্ৰচণ্ড শব্দৰ সৃষ্টি হোৱাৰ লগতে সৰু বাহনখনৰ আটাইকেইজন যাত্ৰীৰে কৰুণ মৃত্যু ঘটে।

স্থানীয় ৰাইজে সদৰী কৰা অনুসৰি, দুৰ্ঘটনাৰ ফলত দুজন লোকৰ থিতাতে মৃত্যু হৈছিল যদিও আন দুজন লোক কিছু সময়লৈ জীৱিত আছিল। কিন্তু বাহনখনৰ মাজৰ পৰা তেওঁলোকক উদ্ধাৰ কৰি উলিয়াই অনাৰ পূৰ্বেই তেওঁলোকেও শেষ নিশ্বাস ত্যাগ কৰে। দুৰ্ঘটনাগ্ৰস্ত বলেৰ’ বাহনখনত ‘অৰুণাচল চৰকাৰ’ বুলি লিখা আছিল আৰু নিহত আটাইকেইজন লোক অৰুণাচল প্ৰদেশৰে বাসিন্দা বুলি ধাৰণা কৰা হৈছে।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে ক্ষেত্ৰী আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ অভিযান চলায়। মৃতদেহকেইটা বাহনখনৰ পৰা উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। বৰ্তমানলৈকে নিহত যাত্ৰীসকলৰ কাৰোৰে পৰিচয় স্পষ্টকৈ উদ্ধাৰ কৰিব পৰা হোৱা নাই। আৰক্ষীয়ে বাহনখনৰ নম্বৰৰ ভিত্তিত নিহতসকলৰ পৰিচয় জানিবলৈ বৰ্তমান এক অনুসন্ধান আৰম্ভ কৰিছে। এই শোকাৱহ ঘটনাই সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *