ধাৰাবাহিকভাৱে ষষ্ঠটো বৰ্ষৰ বাবে কোনো দৰমহা নোলোৱাকৈয়ে ৰিলায়েন্সৰ নেতৃত্বত মুকেশ আম্বানী

দেশৰ সৰ্ববৃহৎ উদ্যোগ প্ৰতিষ্ঠান ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজৰ সৰ্বোচ্চ আসনখনত বহিও বিগত পাঁচ বছৰৰ দৰে এইবেলিও নিজৰ বাবে কোনো পাৰিতোষিক গ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে কোটিপতি ব্যৱসায়ী মুকেশ আম্বানীয়ে। তেল, দূৰসংযোগ আৰু খুচুৰা ব্যৱসায়ৰ এক বিশাল সাম্ৰাজ্য চম্ভালি অহা উদ্যোগপতি মুকেশ আম্বানীয়ে অলপতে সমাপ্ত হোৱা ২০২৬ বিত্তীয় বৰ্ষতো কোম্পানীৰ পৰা এটকাও দৰমহা নোলোৱাকৈয়ে কাম কৰাৰ এক বিৰল উদাহৰণ দাঙি ধৰে। বিশ্বজুৰি কৰ্প’ৰেট খণ্ডৰ শীৰ্ষ মুৰব্বীসকলৰ আকাশলংঘী দৰমহা আৰু ভাট্টাক লৈ চৰ্চা চলি থকাৰ সময়তে এছিয়াৰ দ্বিতীয় ধনী ব্যক্তিগৰাকীৰ এই স্বেচ্ছামূলক ত্যাগে ব্যৱসায়িক জগতত এক বিশেষ স্থান লাভ কৰিছে।

ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজৰ শেহতীয়া বাৰ্ষিক প্ৰতিবেদন অনুসৰি, অধ্যক্ষ তথা পৰিচালন সঞ্চালক মুকেশ আম্বানীয়ে বিগত বিত্তীয় বৰ্ষত কোনো ধৰণৰ দৰমহা, ভাট্টা, আনুসংগিক সুবিধা বা অৱসৰকালীন আৰ্থিক লাভালাভ গ্ৰহণ কৰা নাই। উল্লেখ্য যে, ২০০৯ চনৰ পৰা ২০২০ চনলৈকে তেওঁ নিজৰ বাৰ্ষিক পাৰিতোষিক সৰ্বাধিক ১৫ কোটি টকাত সীমিত কৰি ৰাখিছিল। কিন্তু ২০২০ চনৰ জুন মাহত ক’ভিড-১৯ মহামাৰীয়ে দেশৰ অৰ্থনীতি আৰু ব্যৱসায় খণ্ডত সৃষ্টি কৰা চৰম সংকটৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ সমগ্ৰ দৰমহা ত্যাগ কৰাৰ ঘোষণা কৰিছিল। তেতিয়াৰ পৰা আৰম্ভ কৰি ২০২৬ বিত্তীয় বৰ্ষলৈকে ধাৰাবাহিকভাৱে ষষ্ঠবাৰৰ বাবে তেওঁ এই সিদ্ধান্ত অক্ষুণ্ণ ৰাখিছে।

অৱশ্যে কোম্পানীৰ পৰা কোনো ধৰণৰ কাৰ্যবাহী দৰমহা নোলোৱাকৈয়ে আম্বানীয়ে তেওঁৰ শ্বেয়াৰৰ লভ্যাংশৰ জৰিয়তে এক বৃহৎ পৰিমাণৰ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। প্ৰায় ১০০ বিলিয়ন ডলাৰ সম্পত্তিৰ অধিকাৰী আম্বানীৰ হাতত ব্যক্তিগতভাৱে ৰিলায়েঞ্চৰ ১.৬১ কোটি শ্বেয়াৰ আছে, যাৰ পৰা তেওঁ প্ৰায় ৯.৬৬ কোটি টকা লভ্যাংশ হিচাপে লাভ কৰে। ইয়াৰ উপৰিও আম্বানী পৰিয়ালৰ নিয়ন্ত্ৰণাধীন প্ৰতিষ্ঠানসমূহৰ হাতত ৰিলায়েঞ্চৰ ৫০.০৭ শতাংশ অংশীদাৰিত্ব থকাৰ বাবে কেৱল লভ্যাংশৰ পৰাই তেওঁলোকৰ উপাৰ্জন হৈছে প্ৰায় ৩,৯৮৭ কোটি টকা। বিত্তীয় বৰ্ষটোত ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজে ৯৫,৭৫৪ কোটি টকাৰ অভিলেখ নিট লাভ অৰ্জন কৰাৰ লগতে ইয়াৰ বজাৰ মূলধন প্ৰায় ১৯২ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে।

আনহাতে, বাৰ্ষিক প্ৰতিবেদনখনত কোম্পানীৰ আন জ্যেষ্ঠ কাৰ্যবাহী আৰু আম্বানীৰ সন্তানসকলৰ পাৰিতোষিকৰ খতিয়ানো দাঙি ধৰা হৈছে। মুকেশ আম্বানীৰ ভাতৃ নিখিল মেচৱানী আৰু হিতাল মেচৱানী প্ৰতিজনকে ২৫ কোটি টকাকৈ বাৰ্ষিক পেকেজ প্ৰদান কৰা হৈছে। একেদৰে কাৰ্যবাহী সঞ্চালক পি এম এছ প্ৰসাদৰ বাৰ্ষিক বেতন ২০.৫৮ কোটি টকালৈ বৃদ্ধি পাইছে।

ইফালে ২০১৩ চনৰ অক্টোবৰত বোৰ্ডত যোগদান কৰা আম্বানীৰ তিনি সন্তান আকাশ, ঈশা আৰু অনন্ত আম্বানীৰ কোনো নিৰ্ধাৰিত দৰমহা নাই। আকাশ আৰু ঈশাই প্ৰত্যেকে ৫ লাখ টকাকৈ চিটিং মাচুল আৰু ২.৫ কোটি টকাৰ কমিচন লাভ কৰাৰ বিপৰীতে যোৱা বছৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি পোৱা অনন্ত আম্বানীয়ে বিত্তীয় বৰ্ষটোত ১২.১৭ কোটি টকা উপাৰ্জন কৰে। বৰ্তমান ২০২৯ চনলৈকে পুনৰ অধ্যক্ষ হিচাপে দায়িত্ব লাভ কৰা মুকেশ আম্বানীয়ে আগন্তুক দিনবোৰতো কোনো পাৰিতোষিক নোলোৱাৰ সংকল্পই তেওঁৰ কৰ্প’ৰেট নেতৃত্বক এক অনন্য মাত্ৰা প্ৰদান কৰিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *