আমেৰিকাত চি আই এৰ প্ৰাক্তন শীৰ্ষ বিষয়া গ্ৰেপ্তাৰ; বাসগৃহৰ পৰা ৪০ মিলিয়ন ডলাৰৰ সোণৰ বাৰ আৰু বৃহৎ ধন জব্দ

নিজৰ চৰকাৰী বাসগৃহতে ৪০ মিলিয়ন ডলাৰ মূল্যৰ কেইবাশ সোণৰ বাৰ লুকুৱাই ৰখাৰ এক গুৰুতৰ অভিযোগত অৱশেষত আইনৰ জালত পৰিছে আমেৰিকাৰ চোৰাংচোৱা সংস্থাৰ এজন প্ৰাক্তন প্ৰধান বিষয়া। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এফ বি আইয়ে ভাৰ্জিনিয়া ৰাজ্যত থকা ডেনিছ ৰাছ নামৰ এই প্ৰাক্তন শীৰ্ষ বিষয়াগৰাকীৰ ঘৰত চলোৱা এক তালাচীত এই বিপুল পৰিমাণৰ সম্পত্তি জব্দ কৰিবলৈ সক্ষম হয়। আদালতৰ নথি-পত্ৰৰ উদ্ধৃতি দি সংবাদ মাধ্যমে প্ৰকাশ কৰা মতে, সোণৰ বাৰসমূহৰ উপৰিও বিষয়াগৰাকীৰ ঘৰৰ পৰা নগদ ২ মিলিয়ন ডলাৰ আৰু প্ৰায় ৩৫ টা বহুমূলীয়া বিলাসী ঘড়ীও আৰক্ষীয়ে উদ্ধাৰ কৰিছে।

নিউয়ৰ্ক টাইমছত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, ডেনিছ ৰাছ নামৰ এই বিষয়াগৰাকী আমেৰিকাৰ কেন্দ্ৰীয় চোৰাংচোৱা সংস্থা ‘চি আই এ’ৰ এক অতি গুৰুত্বপূৰ্ণ পদত কৰ্মৰত আছিল। তেওঁৰ হাতত দেশৰ অতি গোপনীয় তথ্যসমূহৰ নিয়ন্ত্ৰণ আছিল বুলিও পোহৰলৈ আহিছে। ইফালে এফ বি আইৰ তদন্তত ওলাই পৰা আন এক তথ্যই এতিয়া সকলোকে আচৰিত কৰি তুলিছে। ৰাছে নিজৰ চাকৰিৰ আবেদন পত্ৰত শিক্ষা আৰু সামৰিক বাহিনীৰ অভিজ্ঞতাৰ সম্পৰ্কে সম্পূৰ্ণ মিছা তথ্য দাখিল কৰিছিল।

নৌসেনাৰ পাইলট হিচাপে কাম কৰা আৰু বিশ্ববিদ্যালয়ৰ ডিগ্ৰী থকা বুলি তেওঁ চৰকাৰক ভুৱা প্ৰমাণপত্ৰ দিয়াৰ লগতে নৌসেনাৰ সংৰক্ষিত বাহিনীৰ সদস্য বুলি মিছা দাবী কৰি চৰকাৰী পুঁজিৰ পৰা ৭৭ হাজাৰ ডলাৰো আত্মসাৎ কৰিছিল। সমগ্ৰ দুৰ্নীতিৰ ঘটনাটো যোৱা বছৰৰ নৱেম্বৰ মাহৰ পৰা এই বছৰৰ মাৰ্চ মাহৰ ভিতৰত সংঘটিত হৈছিল বুলি অনুসন্ধানকাৰী সংস্থাই জানিবলৈ দিয়ে। এই সময়ছোৱাত ৰাছে চৰকাৰী কামৰ দোহাই দি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত এক বুজন পৰিমাণৰ বিদেশী মুদ্ৰা আৰু কেইবা মিলিয়ন ডলাৰ মূল্যৰ সোণৰ বাৰৰ দাবী উত্থাপন কৰিছিল।

চৰকাৰী লকাৰৰ পৰা সেইসমূহ সংগ্ৰহ কৰাৰ পাছত তেওঁ নিৰ্দিষ্ট স্থানত জমা কৰাৰ পৰিৱৰ্তে নিজৰ ঘৰলৈ লৈ গৈছিল। পৰৱৰ্তী সময়ত বিভাগীয় পৰীক্ষণত চৰকাৰী ভঁৰালৰ পৰা এইসমূহ নিৰুদ্দেশ হোৱা দেখা পাই তদন্ত আৰম্ভ কৰা হয় আৰু ১৯ মে’ত তেওঁক চৰকাৰী ধন চুৰিৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হয়। বৰ্তমান এই স্পৰ্শকাতৰ বিষয়টোক লৈ আমেৰিকাত তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *