এক দশকত উত্তৰ-পূৰ্বাঞ্চলত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পালে প্ৰায় ৫০%, যাৰ ফলত এই অঞ্চলটো ‘প্ৰদূষিত’ পৰ্যায়ৰ পৰা ‘অত্যধিক প্ৰদূষিত’ পৰ্যায়লৈ হৈছে পৰিৱৰ্তিত: ২৫ বছৰীয়া উপগ্ৰহভিত্তিক অধ্যয়ন

২৫ বছৰীয়া এক নতুন উপগ্ৰহীয় অধ্যয়নে প্ৰকাশ কৰিছে যে বিগত দুটা দশকত উত্তৰ-পূব ভাৰতত প্ৰদূষণৰ মাত্ৰা তীব্ৰ গতিত বৃদ্ধি পাইছে। জৈৱ উপাদান দহন আৰু ঝুম খেতিৰ সৈতে জড়িত কাৰ্বনেচিয়াছ এৰ’ছল বৃদ্ধি পোৱাৰ বাবে অঞ্চলটোৰ বেছিভাগ অংশই এতিয়া “প্ৰদূষিত” শ্ৰেণীৰ পৰা “অধিক প্ৰদূষিত” শ্ৰেণীত অন্তৰ্ভুক্ত হৈছে। ‘এটমচফেৰিক এনভাইৰনমেণ্ট’ নামৰ আলোচনীত প্ৰকাশিত এই গৱেষণাৰ বসু ইনষ্টিটিউটৰ অধ্যাপক অভিজিৎ চেটাৰ্জী আৰু গৱেষক সৌমেন ৰাউলে নেতৃত্ব দিছিল। এই অধ্যয়নত ২০০০ চনৰ পৰা ২০২৪ চনৰ ভিতৰত ইণ্ডো-গংগা সমভূমি, উত্তৰ-পূব ভাৰত আৰু হিমালয় অঞ্চলৰ পাৰ্টিকুলেট মেটাৰ(প্ৰদূষক কণা)ৰ প্ৰৱণতা বিশ্লেষণ কৰা হৈছিল।

তথ্য অনুসৰি, পূৰ্বৱৰ্তী দশকৰ তুলনাত ২০১০-২০১৯ বৰ্ষৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলত পাৰ্টিকুলেট মেটাৰৰ অৰ্গেনিক কাৰ্বন আৰু ছালফেটৰ পৰিমাণ প্ৰায় ৫০ শতাংশ বৃদ্ধি পাইছে। পূৰ্বে কেৱল অসম, মেঘালয় আৰু ত্ৰিপুৰাতে সীমাবদ্ধ থকা প্ৰদূষণৰ হটস্পটসমূহ এতিয়া সমগ্ৰ অঞ্চলটোৰ লগতে বাংলাদেশলৈকো সম্প্ৰসাৰিত হৈছে। অধ্যয়নটোত ক্ৰমবৰ্ধমান ঝুম খেতি আৰু গ্ৰাম্য পৰিয়ালসমূহত ৰন্ধা-বঢ়া তথা ঘৰ গৰম ৰখাৰ বাবে খৰি, শস্যৰ অৱশিষ্ট আৰু গোবৰৰ দৰে জৈৱ ইন্ধনৰ ব্যাপক ব্যৱহাৰক প্ৰদূষণৰ মূল কাৰণ হিচাপে চিহ্নিত কৰা হৈছে। গৱেষকসকলে কয় যে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰ্মল বায়ু কাৰ্যসূচী (এনচিএপি), যি বৰ্তমান মুখ্যতঃ চহৰসমূহৰ ওপৰত কেন্দ্ৰীভূত, সেয়া ক্ৰমবৰ্ধমান গ্ৰাম্য প্ৰদূষণৰ সংকট দূৰ কৰাত ব্যৰ্থ হৈছে।

প্ৰতিবেদনখনত অসমৰ ঔদ্যোগিক প্ৰদূষণৰ ভয়াৱহতাৰ কথাও উল্লেখ কৰা হৈছে। বিশেষকৈ বঙাইগাঁও, গুৱাহাটী, ডিব্ৰুগড়, ডিগবৈ, নুমলীগড় আৰু বোকাজানৰ আশে-পাশে থকা তাপ বিদ্যুৎ প্ৰকল্প, তেল শোধনাগাৰ আৰু চিমেণ্ট উদ্যোগসমূহৰ পৰা ছালফেট নিৰ্গমনৰ মাত্ৰা এনচিএপি ৰূপায়ণৰ পিছত ৩০ শতাংশতকৈও অধিক বৃদ্ধি পাইছে। গুৱাহাটীৰ পৰিৱেশ বিশেষজ্ঞ আৰু ব্যৱসায়ীসকলে এই তথ্যক লৈ উদ্বেগ প্ৰকাশ কৰিছে। তেওঁলোকে কয় যে, যদিহে কোনো দৃঢ় প্ৰতিৰোধমূলক পদক্ষেপ গ্ৰহণ কৰা নহয়, তেন্তে ক্ৰমবৰ্ধমান প্ৰদূষণে চহৰখনৰ জনস্বাস্থ্য, পৰ্যটন আৰু দীৰ্ঘম্যাদী অৰ্থনৈতিক কাৰ্য-কলাপত বিৰূপ প্ৰভাৱ পেলাব পাৰে। গৱেষকসকলে চৰকাৰক এনচিএপি ২.০ কাৰ্যসূচী উত্তৰ-পূব ভাৰতৰ গ্ৰাম্য আৰু পৰিৱেশগতভাৱে স্পৰ্শকাতৰ অঞ্চলসমূহলৈ সম্প্ৰসাৰিত কৰিবলৈ আহ্বান জনাইছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *