অসমৰ স্বাস্থ্যখণ্ডত ঐতিহাসিক অভিলেখ; প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় গড়তকৈ হ্ৰাস পালে মাতৃ মৃত্যুৰ হাৰ

ৰাজ্যৰ স্বাস্থ্যখণ্ডত এক অভূতপূৰ্ব ঐতিহাসিক মাইলৰ খুঁটি স্পৰ্শ কৰি অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় গড়তকৈ হ্ৰাস পাইছে মাতৃ মৃত্যুৰ হাৰ। জনসাধাৰণৰ সুৰক্ষিত স্বাস্থ্য সেৱা সুনিশ্চিত কৰাৰ দিশত লাভ কৰা এই বৃহৎ সফলতাৰ কথা মঙলবাৰে সংবাদ মাধ্যমৰ আগত সদৰি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। বৰ্তমান অসমত মাতৃ মৃত্যুৰ হাৰ ৮৪ লৈ হ্ৰাস পাইছে, য’ত সমগ্ৰ দেশৰ এই ৰাষ্ট্ৰীয় গড় হৈছে ৮৮।

এই বিশেষ সাফল্যক নিজৰ ৰাজহুৱা জীৱনৰ আটাইতকৈ এক আবেগিক মুহূৰ্ত বুলি অভিহিত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ পুৰণি দিনৰ কথা স্মৰণ কৰি কয় যে ২০০৬ চনত যেতিয়া তেওঁ প্ৰথমবাৰৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ দায়িত্ব লৈছিল, তেতিয়া অসমত মাতৃ মৃত্যুৰ হাৰ আছিল ৪৮০। সেই সময়ত এই ভয়াৱহ পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাটো প্ৰায় অসম্ভৱ যেন লাগিছিল যদিও বছৰ বছৰ ধৰি চলা প্ৰচেষ্টাৰ ফলত আজি এই পৰিৱৰ্তন সম্ভৱ হৈ উঠিছে।

ৰাজ্যখনৰ এই ঐতিহাসিক গৌৰৱৰ বাবে চিকিৎসক, নাৰ্ছ, আশা কৰ্মী আৰু স্বাস্থ্য বিভাগৰ প্ৰতিজন সক্ৰিয় বিষয়াক ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰী শৰ্মাই। এই পৰিসংখ্যাৰ অন্তৰালত লুকাই আছে হাজাৰ হাজাৰ মাতৃৰ জীৱন সুৰক্ষিত কৰি তেওঁলোকক সুস্থ শৰীৰে নিজৰ পৰিয়ালৰ ওচৰলৈ ওভতাই পঠোৱাৰ এক নীৰৱ সংগ্ৰাম। স্বাস্থ্য কৰ্মীসকলৰ বছৰ বছৰ ধৰি কৰা ত্যাগ, উজাগৰী নিশা আৰু জীৱন ৰক্ষাৰ প্ৰতি থকা অটুট প্ৰতিশ্ৰুতিৰ বাবেই অসমে আজি চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত এই বিৰল কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *