পাকিস্তানত অঘটন

পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ কুৱেটাৰ চমন ফাটকৰ সমীপত যাত্ৰীবাহী ৰে’লত এক ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয়।এখন যাত্ৰীবাহী ৰে’লক লক্ষ্য কৰি কৰা বোমা বিস্ফোৰণত অতি কমেও ২৪ গৰাকী লোকৰ মৃত্যু হয়। লগতে ৫০ জনতকৈও অধিক লোক গুৰুতৰভাৱে আহত হয়। তথ্য অনুসৰি, জাফৰ এক্সপ্ৰেছত আত্মঘাতী বোমা বিস্ফোৰণ সংঘটিত কৰিছিল। ইপিনে বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে নিষিদ্ধ সংগঠন BLA এ। এই ৰে’লখনেৰে সামৰিক বাহিনীৰ জোৱানসকল আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে আগন্তুক ঈদৰ ছুটিৰ বাবে কুৱেটা কেণ্টনমেণ্টৰ পৰা পেছাৱাৰ অভিমুখে যাত্ৰা কৰিছিল। এই বিস্ফোৰণ ইমানেই ভয়াৱহ আছিল যে ৰে’লখনৰ দুটাকৈ ডবা ৰেল পথৰ পৰা ওলটি পৰে আৰু ক্ষন্তেকতে দাউদাউকৈ জুই জ্বলি উঠে। ফলত সমগ্ৰ এলেকা ক’লা ধোৱাৰে আচ্ছন্ন হৈ পৰে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *