প্ৰতি দুবছৰৰ মূৰে মূৰে অনুষ্ঠিত হোৱা ৰাজ্যসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিছে নিৰ্বাচন আয়োগে। জুন মাহত ১০খন ৰাজ্যৰ ২৪খন আসন খালী হ’ব, আনহাতে আন দুখন ৰাজ্যৰ আসন ইতিমধ্যে খালী হৈ আছে। ১৮ জুনত এই আসনসমূহ পূৰণৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।নিৰ্বাচন আয়োগে আজি এক অধিসূচনা জাৰি কৰি নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰে। কৰ্ণাটক, অন্ধ্ৰ প্ৰদেশ, গুজৰাট, ৰাজস্থান, মধ্যপ্ৰদেশ, মণিপুৰ, মেঘালয়, অৰুণাচল প্ৰদেশ, মিজোৰাম, আৰু ঝাৰখণ্ডৰ ২২ গৰাকী সাংসদে অহা ১ জুনত অৱসৰ গ্ৰহণ কৰিব।তামিলনাডু আৰু মহাৰাষ্ট্ৰতো উপ-নিৰ্বাচনৰ কথা। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি উপৰোক্ত ৰাজ্যসমূহৰ বৰ্তমানৰ সাংসদসকলৰ কাৰ্যকাল ২১ জুনৰ পৰা ১৯ জুলাইৰ ভিতৰত বিভিন্ন তাৰিখৰ অন্ত পৰিব। অন্ধ্ৰ প্ৰদেশ, গুজৰাট, আৰু কৰ্ণাটকত খালী হ’ব চাৰিখন আসন। মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ পৰা তিনিজনকৈ সাংসদ অৱসৰ ল’ব, আনহাতে ঝাৰখণ্ডৰ পৰা দুজন সাংসদে অৱসৰ ল’ব।
মণিপুৰ, মেঘালয়, অৰুণাচল প্ৰদেশ, আৰু মিজোৰামত এখনকৈ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব। অৱসৰপ্ৰাপ্ত সাংসদসকলৰ ভিতৰত ১১জন বিজেপিৰ, চাৰিজন কংগ্ৰেছৰ। বাকী ৯ জন সাংসদে আন ৰাজনৈতিক দলক প্ৰতিনিধিত্ব কৰে। অধিসূচনা অনুসৰি নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ৮ জুন।মনোনয়ন পত্ৰৰ তদন্ত ৯ জুনত কৰা হ’ব।১১ জুনত মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব।১৮ জুনত পুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈ ভোটগ্ৰহণ কৰা হ’ব।১৮ জুনতেই ভোট গণনা হ’ব, আৰু সমগ্ৰ ৰাজ্যসভা নিৰ্বাচনী প্ৰক্ৰিয়া হ’ব ২০ জুন তাৰিখৰ ভিতৰত সম্পূৰ্ণ হ’ব। উল্লেখ্য যে কাৰ্যকাল সমাপ্ত হোৱা জ্যেষ্ঠ নেতাসকলৰ ভিতৰত আছে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়া, মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দিগ্বিজয় সিং, কেন্দ্ৰীয় মন্ত্ৰী জৰ্জ কুৰিয়েন আৰু ৰৱনীত সিং বিট্টু।
সংখ্যাগত শক্তিৰ ওপৰত ভিত্তি কৰি কৰ্ণাটকত কংগ্ৰেছে তিনিখন আসন লাভ কৰিব পাৰে। ইয়াৰে এখন আসনৰ বাবে দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে নিৰ্বাচিত হোৱাটো নিশ্চিত বুলি বিবেচিত হৈছে। ইফালে মধ্যপ্ৰদেশত কংগ্ৰেছে একক আসন লাভ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। ৰাজস্থানত বিজেপিয়ে দুখন আৰু কংগ্ৰেছে এখন আসন লাভ কৰিব পাৰে। কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰৱনীত সিং বিট্টু বিজেপিৰ প্ৰাৰ্থী হোৱাৰ বিপৰীতে প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলট আৰু দলৰ মুখপাত্ৰ পৱন খেৰা কংগ্ৰেছৰ প্ৰাৰ্থী।
