অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সদৌ অসম ছাত্র সন্থা (আছু)ৰ ৰাজ্যজুৰি প্ৰতিবাদ । আছুৰ আহ্বান মৰ্মে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো মূল্যবৃদ্ধি বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত আহে । এই প্ৰতিবাদত প্ৰায় পাচ শতাধিক লোকে অংশগ্ৰহণ কৰি মূল্যবৃদ্ধি নিয়ন্ত্ৰণত চৰকাৰৰ ব্যৰ্থতাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে । প্ৰতিবাদকাৰীসকলে শ্লোগান দি জনসাধাৰণক প্ৰভাৱিত কৰা অবিৰত মূল্যবৃদ্ধিৰ পৰা তাৎক্ষণিক ৰেহাই দাবী কৰে। প্ৰতিবাদী কাৰ্যসূচী আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য, সভাপতি উৎপল শৰ্মা , সাধাৰণ সম্পাদক সমীৰণ ফুকনকে ধৰি কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে।
মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ প্ৰতিবাদ
