মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰত বাঘৰ সন্ত্ৰাস; কেন্দু পাত সংগ্ৰহ কৰিবলৈ গৈ প্ৰাণ হেৰুৱালে ৪ গৰাকী মহিলাই

অৰণ্যৰ মাজত কেন্দু পাত সংগ্ৰহ কৰিবলৈ গৈ বাঘৰ আক্ৰমণত একেলগে প্ৰাণ হেৰুৱাবলগীয়া হ’ল চাৰিগৰাকী মহিলাই। মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰ জিলাৰ চিন্দেৱাহী তহচিলৰ অন্তৰ্গত গুঞ্জেবাহী বন এলেকাত শুকুৰবাৰে পুৱাই সংঘটিত এই ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোতে সৃষ্টি কৰিছে তীব্ৰ আতংকৰ। জানিব পৰা মতে, স্থানীয় এখন গাঁৱৰ চাৰি মহিলাই ঘৰৰ নাতিদূৰৰ অৰণ্যলৈ তেনেকৈ কামৰ বাবে যাওতেই জোপোহাৰ আঁৰত খাপ পিটি থকা এটা হিংস্ৰ বাঘে তেওঁলোকৰ ওপৰত আকস্মিক আক্ৰমণ চলায়।

এই মৰ্মন্তুদ ঘটনাটোৰ পিছতেই বন বিভাগ আৰু আৰক্ষীৰ এক যুটীয়া দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহকেইটা উদ্ধাৰ কৰে। বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, নিহত মহিলাকেইগৰাকী ক্ৰমে ববিতা চালেকাৰ, সৰস্বতী চালেকাৰ, ৰাধিকা চালেকাৰ আৰু প্ৰমীলা কুদভে বুলি চিনাক্ত কৰা হৈছে। বাঘৰ ধাৰাবাহিক আক্ৰমণৰ ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ অঞ্চলটোত বৰ্তমান বন কৰ্মীৰ সশস্ত্ৰ পহৰা আৰু নিৰীক্ষণ ব্যৱস্থা পূৰ্বতকৈ অধিক কটকটীয়া কৰা হৈছে।

ইফালে, এই শোকাৱহ ঘটনাটোক কেন্দ্ৰ কৰি স্থানীয় ক্ষুব্ধ ৰাইজে বনাঞ্চলৰ সমীপত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। অঞ্চলটোত দীৰ্ঘদিন ধৰি বনৰীয়া বাঘৰ মুক্ত বিচৰণ আৰু সন্ত্ৰাস চলি থকাৰ পিছতো বন বিভাগে কোনো স্থায়ী নিৰাপত্তা ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই এই ঘটনা সংঘটিত হ’বলৈ পালে বুলি ক্ষোভ প্ৰকাশ কৰে গঞাই। উল্লেখ্য যে, এই ভয়াৱহ আক্ৰমণৰ পিছতে বন বিভাগে মৃতকৰ পৰিয়ালবৰ্গলৈ জৰুৰীকালীন বিত্তীয় সাহায্য ঘোষণা কৰাৰ লগতে নৰখাদক বাঘটোৰ সন্ধানত ড্ৰোন আৰু সক্ৰিয় কেমেৰা ট্ৰেপিং পদ্ধতিৰে এক সৰ্বাত্মক অভিযান আৰম্ভ কৰিছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *