বিধানসভাত সাদাসিধা নীতিৰ আৰম্ভণি; হোটেলৰ মিঠাই নিষিদ্ধ, ভি আই পি কনভয় ত্যাগ অধ্যক্ষৰ

ৰাজ্য চৰকাৰৰ মিতব্যয়ী নীতিৰ সৈতে সংগতি ৰাখি অসম বিধানসভাতো এতিয়া গ্ৰহণ কৰা হৈছে এক অভূতপূৰ্ব বিত্তীয় অনুশাসনৰ সিদ্ধান্ত। সদনৰ নতুন অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ পিছতেই অপ্ৰয়োজনীয় ব্যয় হ্ৰাস কৰাৰ বাবে কেইবাটাও ডাঙৰ ঘোষণা কৰে ৰণজিৎ কুমাৰ দাসে। এতিয়াৰে পৰা বিধানসভাৰ কোনো কাৰ্যসূচীতে বিলাসী হোটেলৰ ব্যয়বহুল খাদ্য পৰিৱেশন কৰা নহ’ব। ইয়াৰ পৰিৱৰ্তে থলুৱা আৰু অসমীয়া পৰম্পৰাগত খাদ্যকহে বিশেষভাৱে অগ্ৰাধিকাৰ দিয়া হ’ব বুলি জানিব পৰা গৈছে।

নতুন নিয়মানুসাৰে, বিধানসভাৰ অতিথি বা বিধায়কসকলৰ খাদ্যৰ প্লেটত বিলাসী হোটেলৰ দামী খাদ্যৰ সলনি স্থান পাব মাথোঁ এখন অসমীয়া পিঠা আৰু এখন নিমকিয়ে। কেৱল সিমানেই নহয়, সৌজন্যমূলক চাহমেলৰ মেন্যুৰ পৰাও চৰ্বিযুক্ত বা দামী খাদ্যসমূহ সম্পূৰ্ণভাৱে বাদ দিয়া হৈছে। ইয়াৰ বিপৰীতে চাহমেলত এতিয়াৰে পৰা স্থান পাব থলুৱা নাৰিকলৰ লাডু আৰু সাধাৰণ কুকিজ। এই ব্যৱস্থাই বিধানসভাৰ বৃহৎ পৰিমাণৰ চৰকাৰী ধন ৰাহি কৰাৰ লগতে অসমীয়া থলুৱা খাদ্য কৃষ্টিৰ প্ৰসাৰতো সহায় কৰিব।

আনহাতে, খাদ্যৰ উপৰিও নিজৰ প্ৰশাসনিক যাত্ৰাৰ ক্ষেত্ৰতো এক অনন্য আদৰ্শ দাঙি ধৰে অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে। শেহতীয়াকৈ ৰাজ্য চৰকাৰে ভি আই পি কনভয় কৰ্তনৰ যি নিৰ্দেশনা জাৰি কৰিছিল, তাৰ সৈতে সম্পূৰ্ণ একাত্মতা প্ৰকাশ কৰে তেওঁ। অধ্যক্ষগৰাকীয়ে কয়, “বিধানসভালৈ আহিলে মই খোজকাঢ়িয়েই আহিম। পূৰ্বেও মই খোজকাঢ়ি আহিছো। মোৰ লগত ৪-৫ খনকৈ চৰকাৰী গাড়ীৰ ভি আই পি কনভয়ৰ কোনো প্ৰয়োজন নাই।” বিত্তীয় অপব্যয় ৰোধ কৰাৰ লগতে জনপ্ৰতিনিধি আৰু সাধাৰণ ৰাইজৰ মাজৰ দূৰত্ব হ্ৰাস কৰাৰ উদ্দেশ্যে লোৱা এই সিদ্ধান্তই এতিয়া বিশেষ চৰ্চা লাভ কৰিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *