বিধানসভাত অতীতৰ ইতিহাস সোঁৱৰাই অসমীয়াৰ স্বকীয়তা সুৰক্ষাৰ দাবী প্ৰদ্যুৎ বৰদলৈৰ

১৬ সংখ্যক অসম বিধানসভাৰ উদ্বোধনী অধিৱেশনৰ মজিয়াত এতিয়া উত্থাপিত হৈছে ৰাজ্যৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ পৰিচয়, স্বকীয়তা আৰু ঐতিহ্য সুৰক্ষিত কৰাৰ প্ৰসংগ। নতুন চৰকাৰ গঠনৰ পিছত অনুষ্ঠিত সদনৰ এই প্ৰথমটো দিনাৰ কাৰ্যসূচীতে অসমীয়া স্বাভিমান ৰক্ষাৰ সংকল্প দোহাৰে বিজেপি বিধায়ক প্ৰদ্যুৎ বৰদলৈয়ে। ৰাজ্যত বিজেপি নেতৃত্বাধীন এনডিএ মিত্ৰজোঁটে লাভ কৰা বিপুল জনমতৰ কথা উল্লেখ কৰি তেওঁ কয় যে খিলঞ্জীয়া সমাজৰ স্বাৰ্থ আৰু ভৱিষ্যত সুৰক্ষিত কৰাৰ দায়িত্ব বৰ্তমান চৰকাৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়।

ব্ৰিটিছ শাসনকালত অসমীয়াৰ পৰিচয় নিঃশেষ কৰাৰ সুপৰিকল্পিত ষড়যন্ত্ৰ চলোৱা হৈছিল বুলি দাবী কৰি প্ৰদ্যুৎ বৰদলৈয়ে কয় যে ভাৰতৰ স্বাধীনতাৰ পূৰ্বে অসমক পূব পাকিস্তানৰ সৈতে চামিল কৰাৰ এক প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। কিন্তু সেই সংকটৰ ক্ষণত লোকপ্ৰিয় গোপীনাথ বৰদলৈকে ধৰি তদানীন্তন জ্যেষ্ঠ নেতৃবৃন্দই এই আঁচনিৰ তীব্ৰ বিৰোধিতা কৰিছিল। ব্ৰিটিছৰ এই ষড়যন্ত্ৰ ওফৰাই অসমৰ স্বতন্ত্ৰ পৰিচয় অক্ষুণ্ণ ৰখাত সেই সময়ৰ জাতীয় নেতৃত্বই এক ঐতিহাসিক ভূমিকা পালন কৰিছিল বুলি তেওঁ দাবী কৰে।

অতীতৰ সেই সংগ্ৰামক সাৰথি কৰিয়েই বৰ্তমান সময়তো অসমৰ সাংস্কৃতিক আৰু খিলঞ্জীয়া ঐতিহ্য ধৰি ৰখাৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰে বিজেপি বিধায়কগৰাকীয়ে। ৰাজ্যখনৰ জাতীয় পৰিচয় সুৰক্ষিত কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা বলিষ্ঠ পদক্ষেপ আৰু নিৰন্তৰ প্ৰচেষ্টাক তেওঁ উচ্চ প্ৰশংসা কৰে। ১৬ সংখ্যক বিধানসভাৰ প্ৰথমটো দিনৰ কাৰ্যসূচীতে শাসকীয় পক্ষৰ বিধায়কগৰাকীৰ মুখত খিলঞ্জীয়াৰ সুৰক্ষাৰ এই আহ্বান অতি তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *