জুবিন ক্ষেত্ৰক লৈ কোনো ৰাজনীতি নকৰাৰ আহ্বান; সোণাপুৰত উপস্থিত হৈ প্ৰতিশ্ৰুতি ৰক্ষা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী হিচাপে দ্বিতীয়বাৰৰ বাবে দায়িত্ব গ্ৰহণ কৰিয়েই বুধবাৰে সোণাপুৰৰ হাতীমুৰাস্থিত ‘জুবিন ক্ষেত্ৰ’ পৰিদৰ্শন কৰিলে ড০ হিমন্ত বিশ্ব শৰ্মাই। দিল্লীৰ পৰা পোনে পোনে সোণাপুৰত উপস্থিত হোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনৰ বতৰত এই পবিত্ৰ স্থানলৈ গৈ কোনো ৰাজনীতি কৰিব নিবিচৰা বুলি স্পষ্ট কৰে। শপত গ্ৰহণৰ পাছতহে জুবিন ক্ষেত্ৰলৈ অহাৰ যি প্ৰতিশ্ৰুতি তেওঁ দিছিল, আজি সেই কথা ৰাখি প্ৰয়াত শিল্পীগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে মুখ্যমন্ত্ৰীয়ে।

প্ৰয়াত মহীৰূহগৰাকীৰ স্মৃতিস্থলীত উপস্থিত হোৱা মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণক লৈ অনুৰাগীসকলৰ মাজত এক সুকীয়া আৱেগ দেখিবলৈ পোৱা গৈছে। সংবাদ মাধ্যমৰ আগত ড০ শৰ্মাই কয়, “নিৰ্বাচনৰ বতৰত মই জুবিন ক্ষেত্ৰলৈ গৈ কোনো ৰাজনীতি কৰিব বিচৰা নাছিলো। মই কথা দিছিলো যে শপত গ্ৰহণৰ পাছতহে মই এই পবিত্ৰ স্থানলৈ আহিম। আজি সেই কথা ৰাখিলো।” চৰকাৰে আবণ্টন দিয়া ১০ বিঘা মাটিত জুবিন ক্ষেত্ৰক এক সৰ্বাংগ সুন্দৰ ৰূপত গঢ়ি তোলা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে।

জুবিন গাৰ্গ কেৱল এজন শিল্পীয়েই নাছিল, তেওঁ আছিল অসমৰ এক অনন্য আৱেগ। চৰকাৰে শিল্পীগৰাকীৰ প্ৰকৃত সত্তা আৰু তেওঁৰ সৃষ্টিৰাজিক ভৱিষ্যতৰ বাবে সুৰক্ষিত কৰি ৰাখিব বুলি স্পষ্ট আশ্বাস দিয়ে মুখ্যমন্ত্ৰীয়ে।

শিল্পীগৰাকীৰ মৃত্যুক লৈ যাতে কোনেও নিকৃষ্ট ৰাজনীতি নকৰে, তাৰ বাবেও তেওঁ সকলোকে কঠোৰভাৱে সঁকিয়াই দিয়ে। নিৰ্বাচনৰ সময়ত তেওঁ এই স্থানলৈ নহাৰ মূল কাৰণ আছিল শিল্পীগৰাকীৰ প্ৰতি থকা সন্মান, যাতে সমাজত ইয়াক লৈ কোনো অনাৱশ্যক বিতৰ্কৰ সৃষ্টি নহয়।

ভ্ৰমণকালত সমগ্ৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লৈ বিভাগীয় বিষয়াসকলক প্ৰয়োজনীয় নিৰ্দেশ দিয়ে চৰকাৰ প্ৰধানগৰাকীয়ে। শেহতীয়াকৈ বৰষুণৰ ফলত সমাধি ক্ষেত্ৰটোৰ কিছু ক্ষতি হোৱাৰ খবৰ পোহৰলৈ আহিছিল। মুখ্যমন্ত্ৰীগৰাকীৰ এই তৎপৰতাই জুবিন অনুৰাগীসকলক আশ্বস্ত কৰাৰ লগতে অতি শীঘ্ৰেই এই স্মৃতি ক্ষেত্ৰই এক স্থায়ী তথা মৰ্যাদাপূৰ্ণ ৰূপ পাব বুলি এক নিশ্চিত পৰিৱেশ সৃষ্টি হৈছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *