অসম বিধানসভাত ২৬ মে’ত উত্থাপন হ’ব ইউচিচি; সকলো নাগৰিককে সমৰ্থনৰ আহ্বান জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানৰ

ৰাজ্যজুৰি অব্যাহত থকা তীব্ৰ চৰ্চাৰ মাজতে অহা ২৬ মে’ত অসম বিধানসভাৰ মজিয়াত উত্থাপন কৰা হ’ব বহু প্ৰত্যাশিত অভিন্ন দেৱানী বিধি চমুকৈ ইউচিচিৰ খচৰা বিল। মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে দায়িত্ব গ্ৰহণৰ পাছতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নিজৰ প্ৰথমখন কেবিনেট বৈঠকত এই ঐতিহাসিক আইনখনৰ খচৰাত আনুষ্ঠানিক অনুমোদন জনায়। ২১ মে’ৰ পৰা আৰম্ভ হ’বলগীয়া বিধানসভা অধিৱেশনৰ একেবাৰে শেষৰ দিনা এই আইনখন সদনত দাখিল কৰা হ’ব বুলি চৰকাৰীভাৱে ঘোষণা কৰা হৈছে।

ৰাজ্যত এই আইনখন প্ৰৱৰ্তন হ’বলৈ লোৱা প্ৰেক্ষাপটত বিভিন্ন মহলত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিশেষকৈ মুছলমান সম্প্ৰদায়ৰ মাজত বিষয়টোক লৈ সৃষ্টি হোৱা কেতবোৰ ধাৰণা আৰু বিভিন্ন ৰাজনৈতিক দল-সংগঠনৰ স্থিতিৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানে এক আছুটীয়া সাক্ষাৎকাৰত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

সংবিধান প্ৰণেতা ড° বি আৰ আম্বেদকাৰৰ ঐতিহাসিক প্ৰসংগ উল্লেখ কৰি জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানে কয়, “হিন্দু-মুছলমান সকলোৱে ইউচিচি সমৰ্থন কৰা উচিত। ১৯৪৬ চনতে সংবিধানত এই সন্দৰ্ভত স্পষ্ট উল্লেখ থকাৰ পাছতো স্বাধীনতাৰ পৰৱৰ্তী সময়ত কোনো এখন চৰকাৰে ইউচিচি সন্দৰ্ভত সিদ্ধান্ত ল’বলৈ সাহ কৰা নাছিল। দেশৰ প্ৰতিজন নাগৰিকৰ কাৰণে সকলোতে সমান আইন থকাটো অত্যন্ত প্ৰয়োজনীয়।”

ইউচিচিত সন্নিবিষ্ট বাল্যবিবাহ আৰু বহুবিবাহ ৰোধৰ বিষয়টোক আদৰণি জনাই তেওঁ কয়, “ইমান দিনে ধৰ্ম আৰু শ্বৰীয়তৰ নামত একাংশই নিয়মৰ অপব্যৱহাৰ কৰি আহিছিল। মুখেৰে কৈ দিয়াৰ লগে লগে তালাক হ’ব নোৱাৰে। এই আইনে বিশেষকৈ সংখ্যালঘু মহিলাসকলক সুৰক্ষিত কৰিব আৰু অধিকাৰ প্ৰদান কৰিব।” এচাম সংখ্যালঘু নেতাই কেৱল ৰাজনীতি কৰাৰ স্বাৰ্থতে ইয়াৰ বিৰোধিতা কৰা বুলিও তেওঁ তীব্ৰ সমালোচনা কৰে।

অৱশ্যে পৈতৃক সম্পত্তিৰ সমঅধিকাৰৰ দিশটাত কিছু সংশোধনীৰ প্ৰয়োজন থকা বুলি মত প্ৰকাশ কৰে জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে। তেওঁ কয়, “পিতৃৰ মৃত্যুৰ পাছত সন্তানৰ সম্পত্তিৰ ভাগৰ ক্ষেত্ৰত পিতৃৰ ঋণৰ অংশীদাৰ কোন হ’ব, সেই বিষয়ে চৰকাৰে এক স্পষ্ট দৃষ্টিভংগী ৰখাটো ভাল। অন্যথা পৰিয়ালসমূহত সংঘাত বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকিব।”

ইফালে, লিভ-ইন-ৰিলেশ্যনশ্বিপৰ প্ৰসংগটো আমাৰ সমাজ ব্যৱস্থাৰ বাবে কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি তেওঁ স্পষ্ট কৰি দিয়ে। জ্যেষ্ঠ অধিবক্তা জামানে কয়, “বিবাহৰ পূৰ্বৰ এনে অবৈধ সম্পৰ্কই নৱপ্ৰজন্মক বিপথে পৰিচালিত কৰাৰ লগতে সমাজখনক নিম্নস্তৰলৈ লৈ গৈছে। ইউচিচিয়ে এই দিশত নিশ্চয় এক সুদৃঢ় আৰু ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰিব।”

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *