ডালিমৰ উপকাৰীতা

ডালিম এবিধ অতি পুষ্টিকৰ আৰু ঔষধি গুণসমৃদ্ধ ফল, যি হৃদযন্ত্ৰ সুস্থ ৰখা, তেজ বৃদ্ধি কৰা, ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱা আৰু পেটৰ সমস্যা দূৰ কৰাত অসাধাৰণ ভূমিকা পালন কৰে। ইয়াত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেন্ট, ভিটামিন আৰু খনিজ পদাৰ্থ থাকে, যিয়ে শৰীৰৰ দুৰ্বলতা দূৰ কৰি যৌৱন ধৰি ৰখাত সহায় কৰে।ডালিমৰ প্ৰধান স্বাস্থ্য উপকাৰিতা সমূহ তলত উল্লেখ কৰা হ’ল:ৰক্তহীনতা দূৰ কৰে: ডালিম ৰক্ত বৃদ্ধিকাৰক। ৰক্তহীনতাত ভোগা ৰোগীৰ বাবে ই উত্তম পথ্য আৰু শৰীৰত হিমোগ্লোবিনৰ মাত্ৰা বৃদ্ধি কৰে।হৃদযন্ত্ৰ সুস্থ ৰাখে: উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰা আৰু হৃদৰোগৰ সম্ভাৱনা কমোৱাত ডালিম অতি উপকাৰী।পাচনতন্ত্ৰ মজবুত কৰে: ডালিমত থকা আঁহে হজম শক্তি বৃদ্ধি কৰে আৰু কোষ্ঠকাঠিন্য, পেটৰ গেছ, আমাশয়, আৰু পেটৰ কৃমিৰ সমস্যা দূৰ কৰে।ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি: ভিটামিন চি আৰু এণ্টিঅক্সিডেন্টসমৃদ্ধ ডালিমে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।যৌৱন ধৰি ৰাখে: ডালিমৰ ৰসত থকা ইউৰোলিথিন এ (Urolithin A) নামৰ উপাদানে পেশী শক্তিশালী কৰে আৰু বয়সৰ চাপ পৰাৰ পৰা ৰক্ষা কৰে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *