গংগা নদীত আমিষ অৱশিষ্ট নিক্ষেপক লৈ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

পবিত্ৰ গংগা নদীত আমিষ খাদ্যৰ অৱশিষ্ট পেলোৱা কাৰ্যই হিন্দু সম্প্ৰদায়ৰ ধৰ্মীয় অনুভূতিত গভীৰ আঘাত হানিব পাৰে। বাৰাণসীত এখন নাৱৰ ওপৰত ইফটাৰ পাৰ্টিৰ আয়োজন কৰি নদীত খাদ্যৰ উচ্ছিষ্ট পেলোৱাৰ অভিযোগত অভিযুক্ত ৫ জন ব্যক্তিক জামিন প্ৰদান কৰি এই গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ কৰে এলাহাবাদ উচ্চ ন্যায়ালয়ে। যোৱা ১৫ মে’ত এক আদেশৰ জৰিয়তে ন্যায়ধীশ ৰাজীৱ লোচন শুক্লাৰ একক বিচাৰপীঠে অভিযুক্ত মহম্মদ আজাদ আলী, মহম্মদ তহচিম, নিহাল আফ্ৰিদী, মহম্মদ তৌচিফ আহমেদ আৰু মহম্মদ আনাছৰ জামিন মঞ্জুৰ কৰে।

আদালতে নিজৰ ৰায়দানত উল্লেখ কৰে, “বিচাৰাধীন সমগ্ৰ তথ্য, পৰিস্থিতি, আবেদনকাৰীসকলৰ পূৰ্বৰ কোনো অপৰাধমূলক ইতিহাস নথকাৰ কথা আৰু তেওঁলোকে ইতিমধ্যে খাটিবলগীয়া হোৱা কাৰাবাসৰ সময়খিনিলৈ লক্ষ্য ৰাখি প্ৰথম দৃষ্টিত তেওঁলোক জামিনৰ যোগ্য। অভিযুক্তসকলে নিজৰ কৰ্মৰ বাবে অনুশোচনা প্ৰকাশ কৰিছে আৰু ভৱিষ্যতে কেতিয়াও এনে কাৰ্য নকৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈছে।”

উল্লেখ্য যে, যোৱা ১৫ মাৰ্চত বাৰাণসীৰ গংগা নদীত এখন নাৱৰ ভিতৰত ইছলাম ধৰ্মাৱলম্বী একাংশ লোকে ৰমজানৰ ৰোজা ভংগ কৰি ইফটাৰ পাৰ্টিৰ আয়োজন কৰিছিল। উক্ত অনুষ্ঠানত মাংসাহাৰ কৰাৰ পাছত খাদ্যৰ অৱশিষ্ট অংশ পবিত্ৰ নদীত পেলাই দিয়াৰ অভিযোগত বিজেপি যুৱ মৰ্চাৰ বাৰাণসী শাখাৰ সভাপতি ৰজত জয়ছোৱালৰ এজাহাৰৰ ভিত্তিত ১৬ মাৰ্চত এক গোচৰ ৰুজু কৰা হৈছিল। ইয়াৰ পাছতে ১৭ মাৰ্চৰ পৰা কাৰাগাৰত বন্দী হৈ থকা অভিযুক্ত কেইজনৰ জামিন আবেদন যোৱা ১ এপ্ৰিলত বাৰাণসীৰ এক সত্ৰ আদালতে নাকচ কৰিছিল।

উচ্চ ন্যায়ালয়ৰ স্পষ্ট মত যে ধৰ্মীয় স্থান অপবিত্ৰ কৰা আৰু ধৰ্মীয় অনুভূতিক আঘাত কৰা সম্পৰ্কীয় ভাৰতীয় ন্যায় সংহিতাৰ বিভিন্ন ধাৰাৰ অধীনত ৰুজু হোৱা এই গোচৰটোত অভিযুক্তৰ পৰিয়ালেও সমাজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিছে। একেটা গোচৰতে ১৫ মে’ত ন্যায়ধীশ জীতেন্দ্ৰ কুমাৰ সিনহাৰ বিচাৰপীঠেও মহম্মদ সমীৰ, মহম্মদ আহমেদ ৰাজা আৰু মহম্মদ ফাইজ নামৰ আন তিনিজন অভিযুক্তৰ জামিন মঞ্জুৰ কৰে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *