নেদাৰলেণ্ডত বিশ্বৰ সন্মুখত ভাৰতৰ চাৰিটা বৃহৎ লক্ষ্য ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ

নেদাৰলেণ্ডৰ চৰকাৰী ভ্ৰমণসূচীৰ মাজতে শনিবাৰে ভাৰতক লৈ চাৰিটা ডাঙৰ লক্ষ্যৰ কথা ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দুদিনীয়া ভ্ৰমণসূচীৰে দ্য হেগত উপস্থিত হৈ প্ৰবাসী ভাৰতীয়সকলক সম্বোধন কৰাৰ সময়তে দেশৰ এই বৰ্ধিত আকাংক্ষাৰ কথা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। ভাৰতৰ সপোন আৰু লক্ষ্য এতিয়া কেৱল নিজৰ ভৌগোলিক সীমান্তৰ মাজতে আৱদ্ধ হৈ থকা নাই বুলিও তেওঁ বিশ্ববাসীক স্পষ্ট বাৰ্তা দিয়ে।

প্ৰবাসী ভাৰতীয় সন্মিলনত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে অলিম্পিকৰ আয়োজন কৰাৰ লগতে বৈশ্বিক নিৰ্মাণ আৰু সেউজ শক্তিৰ প্ৰধান কেন্দ্ৰ হিচাপে ভাৰতক গঢ়ি তুলিবলৈ চৰকাৰে লক্ষ্য স্থিৰ কৰিছে। বিশ্ব অৰ্থনীতিৰ প্ৰধান চালিকা শক্তি হোৱাৰ দিশে দেশ অগ্ৰসৰ হোৱাৰ কথা উল্লেখ কৰি তেওঁ লগতে কয়, “বৰ্তমান ভাৰতত আকাংক্ষাৰ কোনো সীমা নাই আৰু আমাৰ প্ৰচেষ্টাও সীমাহীন হৈ পৰিছে।”

মোদীয়ে কয় যে দেশৰ যুৱ প্ৰজন্মৰ প্ৰযুক্তি আৰু ষ্টাৰ্ট-আপ বিপ্লৱৰ বাবেই আজি ভাৰত বিশ্বৰ ভিতৰতে তৃতীয় বৃহত্তম ষ্টাৰ্ট-আপ ইক’চিষ্টেম হিচাপে পৰিগণিত হৈছে। বিশেষকেই এআই, প্ৰতিৰক্ষা আৰু মহাকাশ খণ্ডত আমাৰ যুৱ শক্তিয়ে উল্লেখনীয় কাম কৰা বুলি তেওঁ প্ৰশংসা কৰে। বৈশ্বিক উৎপাদনৰ এক নতুন হাব হিচাপে ভাৰতক গঢ়ি তুলিবলৈ নিৰন্তৰ প্ৰয়াস চলাই থকা হৈছে।

চেমিকণ্ডাক্টৰ উৎপাদনৰ ক্ষেত্ৰত ভাৰতক এক অন্যতম কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে চৰকাৰে বিশেষ পৰিকল্পনা গ্ৰহণ কৰাৰ কথাও সদৰী কৰে প্ৰধানমন্ত্ৰীযে। তেওঁ কয় যে বৰ্তমান দেশত ১২খনকৈ চেমিকণ্ডাক্টৰ প্ৰকল্পৰ কাম চলি থকাৰ লগতে ইতিমধ্যে দুখনত উৎপাদন আৰম্ভ হৈছে। এতিয়াৰে পৰা বিশ্বৰ প্ৰযুক্তি খণ্ডত ব্যৱহৃত চিপসমূহ ভাৰততে ডিজাইন আৰু নিৰ্মাণ কৰা হ’ব বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে দাবী কৰে।

মোদীয়ে মোবাইল ফোন উৎপাদন বিপ্লৱৰ প্ৰসংগ উত্থাপন কৰি বিশ্বৰ ভিতৰতে দ্বিতীয় বৃহত্তম মোবাইল নিৰ্মাতা দেশ হিচাপে ভাৰতৰ স্থিতি দৃঢ় হোৱাৰ কথা সদৰী কৰে। তেওঁ লগতে কয়, “এটা দশকৰ পূৰ্বে আমি মোবাইল ফোন আমদানি কৰিবলগীয়া হৈছিল। এতিয়া উদ্ভাৱনী শক্তিৰ ক্ষেত্ৰত দেশে লাভ কৰিছে এক নতুন পৰিচয়।” ইয়াৰ উপৰিও যোৱা এটা দশকত ভাৰতৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত সেউজ শক্তিক সৰ্বাধিক অগ্ৰাধিকাৰ দিয়া বুলি তেওঁ ভাষণত স্পষ্ট কৰে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *