বাৰিষা কালত গুৱাহাটী মহানগৰীত হ’বলগীয়া সম্ভাব্য প্ৰাকৃতিক দুৰ্যোগ প্ৰতিৰোধ কৰাৰ লক্ষ্যৰে কামৰূপ (মহানগৰ) জিলা প্ৰশাসনে জাৰি কৰিছে এক কঠোৰ নিৰ্দেশনা। ধাৰাসাৰ বৰষুণৰ পৰিপ্ৰেক্ষিতত হ’বলগীয়া ভূমিস্খলন আৰু কৃত্ৰিম বান ৰোধ কৰিবলৈ মহানগৰীৰ পাহাৰ, জলাশয় তথা দ ঠাইত মাটি কটা আৰু পোতা কাৰ্যত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে। ১ মে’ৰ পৰা কাৰ্যকৰী হোৱা এই বিশেষ নিৰ্দেশনা অহা ৩১ অক্টোবৰলৈকে বাহাল থাকিব।
জিলা আয়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ স্বপ্নীল পালে এই নিৰ্দেশনা জাৰি কৰি কয় যে অবৈজ্ঞানিকভাৱে পাহাৰ কটাৰ ফলত মহানগৰীৰ পাৰিপাৰ্শ্বিক ভাৰসাম্য সম্পূৰ্ণৰূপে বিনষ্ট হৈছে। পৰিকল্পনাহীনভাৱে মাটি কটা আৰু পোতাৰ বাবে প্ৰাকৃতিক ঢালসমূহ এতিয়া দুৰ্বল হৈ পৰিছে। ইয়াৰ ফলত প্ৰাকৃতিক নলা-নৰ্দমাসমূহ বন্ধ হৈ যোৱাত বাৰিষা কালত তীব্ৰ ভূমিস্খলন আৰু কৃত্ৰিম বানৰ সৃষ্টি হয়। ইয়াৰ পৰিণতিত মানুহ তথা পশুধনৰ প্ৰাণহানিৰ উপৰিও ব্যাপক সম্পত্তি ধ্বংস হোৱাৰ আশংকাই দেখা দিছে।
মহানগৰীৰ অভ্যন্তৰত শেহতীয়াকৈ সংঘটিত কেইবাটাও ভূমিস্খলনৰ ঘটনাক লৈ জিলা প্ৰশাসনে তীব্ৰ উদ্বিগ্নতা প্ৰকাশ কৰে। নতুন নিৰ্দেশনা অনুসৰি, জি এম ডি এ বা জি এম চিৰ পৰা নিৰ্মাণ কাৰ্যৰ বাবে পূৰ্বতে অনুমতি থকাৰ পাছতেও বাৰিষা শেষ নোহোৱা পৰ্যন্ত কোনো মাটি কাটিব নোৱাৰিব। আনকি পাহাৰ কাটি সংগ্ৰহ কৰা মাটি পৰিবহণ কৰাৰ ওপৰতো প্ৰশাসনে নিষেধাজ্ঞা আৰোপ কৰিছে।
এই নিষেধাজ্ঞা কঠোৰভাৱে ৰূপায়ণ কৰিবলৈ ৰাজহ চক্ৰ বিষয়া, আৰক্ষী আৰু বন বিভাগক নিৰ্দেশ দিয়া হৈছে। ভূমিস্খলন আৰু কৃত্ৰিম বানপ্ৰৱণ স্পৰ্শকাতৰ অঞ্চলসমূহত ইতিপূৰ্বে প্ৰদান কৰা সকলো অনুমতি পুনৰ পৰীক্ষা কৰি বাতিল কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে কৰ্তৃপক্ষই।
প্ৰতি বছৰে বাৰিষা অহাৰ সময়ত জিলা প্ৰশাসনে এনেধৰণৰ নিষেধাজ্ঞা জাৰি কৰে যদিও মহানগৰীৰ বুকুত অবৈধ পাহাৰ কটা কাৰ্য এতিয়াও বন্ধ হোৱা নাই। বিভাগীয় অৱহেলা আৰু কঠোৰ তদাৰকৰ অভাৱৰ বাবেই গুৱাহাটীৰ পৰিৱেশ তন্ত্ৰ ধ্বংসৰ গৰাহলৈ গতি কৰিছে। প্ৰশাসনৰ এই নতুন নিৰ্দেশনাই এইবাৰ অবৈধ কাৰ্যকলাপ কিমান দূৰ ৰোধ কৰিব পাৰিব, সেয়া অনাগত সময়েহে ক’ব।
