পাঞ্জাবত ই ডিৰ অভিযানক লৈ উত্তপ্ত ৰাজনীতি; আম আদমি পাৰ্টিৰ ৰাজ্যিক সভাপতি আমন আৰোৰাক লৈ বিতৰ্ক

পাঞ্জাবত এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট চমুকৈ ই ডি-য়ে চলোৱা এক তীব্ৰ অভিযানৰ পাছতে এতিয়া বিমোৰত পৰিছে শাসকীয় আম আদমি পাৰ্টি। মহালীত দুটা ৰিয়েল এষ্টেট গোষ্ঠীৰ সৈতে জড়িত ১২ টা স্থানত চলোৱা এই তালাচীত পাঞ্জাব আপৰ মুৰব্বী তথা কেবিনেট মন্ত্ৰী আমন আৰোৰাৰ নাম সাঙোৰ খাই পৰিছে। ভূৱা নথি-পত্ৰৰে ভূমিৰ ব্যৱহাৰ পৰিৱৰ্তন কৰা আৰু গ্ৰাহকক প্ৰবঞ্চনা কৰাৰ অভিযোগত কেন্দ্ৰীয় সংস্থাটোৱে এই অভিযান চলায়।

খৰাৰৰ এখন হাউচিং চছাইটিত ই ডিৰ দল উপস্থিত হোৱাৰ লগে লগে এক নাটকীয় পৰিৱেশৰ সৃষ্টি হয়। তালাচীৰ সময়তে নৱম মহলাৰ পৰা ২১ লাখ টকা ভৰ্তি দুটা বেগ তললৈ দলিয়াই দিয়াৰ তথ্য পোহৰলৈ আহিছে। মধ্যভোগী নীতিন গোহেলৰ সৈতে জড়িত এই স্থানৰ পৰা নগদ প্ৰায় ১ কোটি টকা আৰু বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ উদ্ধাৰ কৰে তদন্তকাৰীয়ে। ই ডি-ৰ মতে, এই সমগ্ৰ চক্ৰটোৰ অন্যতম মূল ব্যক্তি গৌৰৱ ধীৰ মন্ত্ৰী আমন আৰোৰাৰ ঘনিষ্ঠ সহযোগী।

কেবিনেট মন্ত্ৰী আমন আৰোৰাই অৱশ্যে তেওঁৰ বিৰুদ্ধে উঠা সকলো অভিযোগ অস্বীকাৰ কৰিছে। তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে তেওঁক ইচ্ছাকৃতভাৱে লক্ষ্য কৰি লৈ বদনাম কৰাৰ চেষ্টা চলোৱা হৈছে। গৌৰৱ ধীৰৰ সৈতে তেওঁৰ ব্যক্তিগত বন্ধুত্ব থকাৰ কথা স্বীকাৰ কৰিলেও কোনো ধৰণৰ ব্যৱসায়িক সম্পৰ্ক নাই বুলি মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে। ইফালে নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে কেন্দ্ৰীয় সংস্থাসমূহক অপব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন কৰিছে আৰোৰাই।

পাঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে এই অভিযানৰ সৈতে আম আদমি পাৰ্টিৰ কোনো সম্পৰ্ক নাই বুলি মন্তব্য কৰে। অমৃতসৰত তেওঁ কয় যে এয়া এক পুৰণি গোচৰ আৰু আৰক্ষীৰ এজাহাৰৰ ভিত্তিতহে ই ডি-য়ে তদন্ত চলাইছে। আনহাতে বিৰোধী দলসমূহে এই ঘটনাক লৈ চৰকাৰক তীব্ৰ সমালোচনা কৰিছে। শিৰোমণি আকালি দল আৰু বিজেপিৰ নেতৃবৃন্দই অভিযোগ কৰিছে যে এই অভিযানে আপৰ ‘স্বচ্ছ ভাবমূৰ্তি’ৰ প্ৰকৃত মুখখন উদঙাই দিছে।

ই ডি-ৰ প্ৰতিবেদন অনুসৰি, সু্যনটেক চিটী আৰু অল্টাছ স্পেচ বিল্ডাৰ্ছে ভূৱা চহী আৰু আঙুলিৰ চাপ ব্যৱহাৰ কৰি ১৫ জন লোকৰ ৩০.৫ একৰ ভূমি হস্তগত কৰিছিল। ইয়াৰ জৰিয়তে তেওঁলোকে চৰকাৰী অনুমোদন লাভ কৰি গ্ৰাহকৰ পৰা ১৫০ কোটিৰো অধিক টকা সংগ্ৰহ কৰিছিল। এই বৃহৎ কেলেংকাৰীত মধ্যভোগীৰ জৰিয়তে ৰাজনৈতিক আশীৰ্বাদ লাভ কৰাৰো সন্দেহ কৰিছে তদন্তকাৰী সংস্থাই। বৰ্তমান উদ্ধাৰ হোৱা নথি-পত্ৰসমূহৰ ফৰেনচিক পৰীক্ষাৰ প্ৰস্তুতি চলোৱা হৈছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *