পৰিৱৰ্তিত ভাৰতৰ বাবে নমনীয় শক্তি: এইচপিচিএলে এপ্ৰিল মাহত প্ৰদান কৰে ৩৭৫ লাখ এলপিজি চিলিণ্ডাৰ, যিয়ে সৰু, চাহিদা অনুসৰি ব্যৱহাৰত ঘটাইছে আমূল পৰিৱৰ্তন

হিন্দুস্তান পেট্ৰলিয়াম কৰ্পৰেচন লিমিটেড(এইচপিচিএল)-এ ২০২৬ চনৰ এপ্ৰিল মাহত সমগ্ৰ ভাৰতত ৩৭৫ লাখ এলপিজি চিলিণ্ডাৰ যোগান ধৰিছিল, যিয়ে নগৰীয়া ব্যৱহাৰৰ পৰিৱৰ্তিত আৰু গ্ৰাহকৰ মাজত গতিশীলতা বৃদ্ধিৰ মাজত নমনীয় আৰু সৰু ৰন্ধন ইন্ধনৰ সেৱাৰ বৰ্ধিত চাহিদাক উজ্জ্বল কৰি তুলিছে। কোম্পানীটোৱে কয় যে, ফ্ৰী ট্ৰেড এলপিজি (এফটিএল) চিলিণ্ডাৰ বিশেষকৈ ৫ কিলোগ্ৰাম আৰু ২ কিলোগ্ৰামৰ ভেৰিয়েণ্টৰ ক্ৰমবৰ্ধমান ব্যৱহাৰে প্ৰয়োজনভিত্তিক আৰু চাহিদা অনুসৰি শক্তি ব্যৱহাৰৰ দিশত পৰিৱৰ্তন প্ৰতিফলিত কৰে। এপ্ৰিল মাহৰ ভিতৰত এইচপিচিএলে ৫ কেজি চিলিণ্ডাৰৰ ৭,৮৭,৫৪৩ ইউনিট আৰু ২ কেজি চিলিণ্ডাৰৰ ২৬,৯১৬ ইউনিট বিক্ৰী কৰিছিল। সৰু চিলিণ্ডাৰসমূহ প্ৰব্ৰজিত শ্ৰমিক, ক্ষুদ্ৰ বিক্ৰেতা, ক্ষুদ্ৰ ব্যৱসায় আৰু নগৰীয়া পৰিয়ালসমূহে ক্ৰমান্বয়ে ব্যৱহাৰ কৰি আহিছে, যিয়ে পৰিবহনযোগ্য আৰু কম খৰচী শক্তিৰ বিকল্প বিচাৰিছে।

এইচপিচিএলে কয় যে, নিজৰ দেশজোৰা যোগান নেটৱৰ্কে বৰ্ধিত চাহিদাক সমৰ্থন কৰিছে, মাহটোৰ ভিতৰত ১২,৪৮,৫০৯ কেএল মটৰ স্পিৰিট আৰু ২১,৫১,৪১৬ কেএল হাই-স্পীড ডিজেল চম্ভালিছে। ইয়াৰ লগতে  কোম্পানীটোৱে দেশজুৰি ২,২৬,২৭৩খন টেংকাৰ প্ৰেৰণ কৰি নিৰৱচ্ছিন্নভাৱে ইন্ধন যোগান নিশ্চিত কৰে। লগতে উল্লেখ কৰিছে যে ৯৯.৩ শতাংশ এলপিজি বুকিং অনলাইনত কৰা হৈছে, যিয়ে গ্ৰাহকৰ মাজত ডিজিটেল ব্যৱহাৰ-প্ৰয়োগ বৃদ্ধিৰ প্ৰতিফলন ঘটাইছে।

এইচপিচিএলে কাৰ্যকৰী অনুশাসন শক্তিশালী কৰিবলৈ ১৪ মাৰ্চৰ পৰা ৩০ এপ্ৰিলৰ ভিতৰত ৬৩১৮ বাৰ পৰিদৰ্শন কৰি ৬৬৪ বাৰ অভিযান চলাই ৪৪টা গোচৰ পঞ্জীয়ন কৰি ৪১৫৫টা চিলিণ্ডাৰ জব্দ কৰে। কোম্পানীটোৱে বিতৰণ নেটৱৰ্কত হোৱা অনিয়ম ৰোধৰ বাবে ৩৪গৰাকীক নিলম্বনকে ধৰি ১৭৭গৰাকী বিতৰকৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *