আইমোবাইলৰ জৰিয়তে ইউপিআই লেনদেনৰ বাবে বায়’মেট্ৰিক প্ৰমাণীকৰণ ৰূপায়ণৰ কথা ঘোষণা আইচিআইচিআই বেংকৰ

আইচিআইচিআই বেংকে বেংকৰ মোবাইল বেংকিং এপ্লিকেচন আইমোবাইলৰ জৰিয়তে ইউপিআই লেনদেনৰ বাবে বায়’মেট্ৰিক প্ৰমাণীকৰণ ব্যৱস্থা ৰূপায়ণৰ কথা ঘোষণা কৰিছে। এই শেহতীয়া বৈশিষ্ট্যই ব্যৱহাৰকাৰীৰ সেৱা উন্নত কৰিছে আৰু ব্যৱহাৰকাৰীক মুখৰ চিনাক্তকৰণ বা আঙুলিৰ চাপ প্ৰমাণীকৰণৰ জৰিয়তে ৫,০০০ টকা পৰ্যন্ত লেনদেন অনুমোদনৰ অনুমতি দিয়ে। এই নতুন বৈশিষ্ট্যই এটা নিৰ্দিষ্ট সীমালৈকে লেনদেনৰ বাবে ইউপিআই পিন হস্তচালিতভাৱে প্ৰৱেশৰ প্ৰয়োজনীয়তা নোহোৱা কৰে। বায়’মেট্ৰিক্স ব্যৱস্থাৰ প্ৰৱৰ্তনে  দ্ৰুত পৰিশোধ আৰু সুৰক্ষাৰ দ্বৈত সুবিধা প্ৰদান কৰে, যিয়ে ৰাজহুৱা স্থানত ছোল্ডাৰ-চাৰ্ফিঙৰ সম্ভাৱনা নোহোৱা কৰে। গ্ৰাহকে নিজৰ বায়’মেট্ৰিক্সৰ জৰিয়তে ইউপিআই লেনদেন যেনে পিয়ৰ-টু-পিয়ৰ মানি ট্ৰেন্সফাৰ, ইন-ষ্ট’ৰ পেমেণ্টৰ বাবে কিউআৰ স্কেন, বা অনলাইন পেমেণ্টৰ অনুমোদন জনাব পাৰে। ৫,০০০ টকাতকৈ অধিক লেনদেনৰ বাবে গ্ৰাহকে পেমেণ্ট অনুমোদন কৰিবলৈ বৰ্তমানৰ ইউপিআই পিনৰ প্ৰয়োজন হ’ব। আইচিআইচিআই বেংকৰ এগৰাকী মুখপাত্ৰই এই বিষয়ে কয় যে, “বায়’মেট্ৰিক প্ৰমাণীকৰণৰ প্ৰৱৰ্তন বৰ্তমানৰ নিয়ন্ত্ৰণমূলক নিৰ্দেশনাৰ সৈতে সংগতি আছে আৰু ই অধিক সুৰক্ষিত আৰু নিৰৱচ্ছিন্ন পৰিশোধ সেৱা সক্ষম কৰাৰ দিশত এক অৰ্থপূৰ্ণ পদক্ষেপ চিহ্নিত কৰিছে।

আইমোবাইলত সঁজুলি-স্তৰৰ বায়’মেট্ৰিক পৰীক্ষনৰ সহায় লৈ আমি ব্যৱহাৰৰ সহজতা নিশ্চিত কৰাৰ লগতে লেনদেনৰ সুৰক্ষা অধিক শক্তিশালী কৰাৰ লক্ষ্য ৰাখিছোঁ। গ্ৰাহকসকলে নিজৰ পছন্দ আৰু সুবিধাৰ ওপৰত ভিত্তি কৰি পিন-ভিত্তিক আৰু বায়’মেট্ৰিক প্ৰমাণীকৰণৰ মাজৰ পৰা নিৰ্বাচন কৰাৰ নমনীয়তাও আছে। এই বৈশিষ্ট্য এণ্ড্ৰইডৰ শেহতীয়া আইমোবাইল এপ সংস্কৰণ – ভি৩০ আৰু আইঅ’এছ – ভি২৮.২ত উপলব্ধ। এণ্ড্ৰইড ব্যৱহাৰকাৰীয়ে নিজৰ ফিংগাৰপ্ৰিণ্টৰ জৰিয়তে লেনদেন অনুমোদন কৰিব পাৰে আৰু আইঅ’এছ ব্যৱহাৰকাৰীয়ে মুখ চিনাক্তকৰণৰ জৰিয়তে সুবিধাসমূহ আদায় কৰিব পাৰে।

আইমোবাইল ব্যৱহাৰকাৰীসকলে কেইটামান সহজ পদক্ষেপেৰে বায়’মেট্ৰিক প্ৰমাণীকৰণক সহজেই সক্ৰিয় কৰিব পাৰে: আইমোবাইল এপত লগ ইন কৰক, ইউপিআই পেমেণ্টত ক্লিক কৰক আৰু ইউপিআই ছেটিংছ বাছনি কৰক, বায়’মেট্ৰিক সক্ষম কৰাৰ বাবে একাউণ্ট নম্বৰ নিৰ্বাচন কৰক, ‘পেমেণ্টৰ বাবে বায়’মেট্ৰিক ব্যৱহাৰ কৰক’ত নিৰ্বাচন কৰক আৰু ‘আগবাঢ়ক’ত ক্লিক কৰক, সত্যাপন বা প্ৰমাণীকৰণৰ বাবে আপোনাৰ ইউপিআই পিন সন্নিৱিষ্ট কৰক, ডিভাইচ-স্তৰৰ বায়’মেট্ৰিক তথ্য প্ৰমাণীকৰণ কৰক। ‘আইম’বাইল’ৰ বিষয়ে অধিক তথ্যৰ বাবে আৰু এপটো ডাউনলোড কৰিবলৈ গুগল প্লে ষ্ট’ৰ বা এপল এপ ষ্ট’ৰলৈ যাওক। শেহতীয়া বা-বাতৰি আৰু আপডেটৰ বাবে www.icici.bank.in চাওক আৰু টুইটাৰ(এক্স)ত আইচিআইচিআই বেংকক www.x.com/icicibank ত অনুসৰণ কৰক। সংবাদ সম্বন্ধীয় যিকোনো তথ্যৰ বাবে অনুগ্ৰহ কৰি corporate.communications@icici.bank.inত যোগাযোগ কৰক।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *