জামিন পালে সোণম ৰঘুবংশীয়ে! মেঘালয়ত মধুচন্দ্ৰিকা যাপন কৰিবলৈ আহি প্ৰেমিকৰ সৈতে স্বামীক হত্যা কৰা সোণম ৰঘুবংশীক শ্বিলঙৰ এখন আদালতে প্ৰদান কৰে জামিন। ভাড়াতীয়া হত্যাকাৰীৰ জৰিয়তে নিজৰ নৱবিবাহিত স্বামী ৰাজাক নিৰ্যাতন চলাই হত্যা কৰাৰ অভিযোগত অভিযুক্ত সোণম বৰ্তমান শ্বিলঙৰ কাৰাগাৰত বন্দী হৈ আছে। সমগ্ৰ দেশ কঁপাই যোৱা এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ জামিন সন্দৰ্ভত অধিক তথ্যৰ বাবে বৰ্তমান অপেক্ষা কৰিছে আৰক্ষী।
প্ৰণিধানযোগ্য যে যোৱা বছৰৰ ২০ মে’ত ইন্দোৰৰ ব্যৱসায়ী ৰাজা ৰঘুবংশী আৰু সোণমে হনিমুনৰ বাবে মেঘালয়লৈ ভ্ৰমণ কৰিছিল। ২৩ মে’ত নংগ্ৰিয়াট গাঁৱৰ এটা হোমষ্টে’ৰ পৰা ওলাই যোৱাৰ পাছৰে পৰাই সন্ধানহীন হৈ পৰিছিল এই দম্পতীটো। পৰৱৰ্তী সময়ত ২ জুনত চেৰাপুঞ্জীৰ ৱেই ছডং জলপ্ৰপাতৰ সমীপৰ এটা গভীৰ খাৱৈত উদ্ধাৰ হয় ৰাজাৰ উৱলি যোৱা মৃতদেহ। হত্যাকাণ্ডত ব্যৱহাৰ কৰা ৰক্তাক্ত দা আৰু ৰাজাৰ ব্যক্তিগত সা-সামগ্ৰীও আৰক্ষীয়ে সেই স্থানৰ পৰাই জব্দ কৰে।
শ্বিলং আদালতত চলি থকা এই গোচৰৰ তদন্তত পোহৰলৈ আহে সোণমৰ ভয়ংকৰ ষড়যন্ত্ৰৰ কথা। ইন্দোৰৰ পৰা তিনিজন ভাড়াতীয়া হত্যাকাৰী নিয়োগ কৰি সোণমে হত্যা কৰাইছিল নিজ স্বামীক। ইয়াৰ পাছতে উত্তৰ প্ৰদেশৰ গাজীপুৰৰ এখন ধাবাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত সোণমক। আৰক্ষীৰ মতে, সোণমৰ প্ৰেমিক ৰাজ কুশৱাহ আৰু আন তিনিজন সহযোগীও এই জঘন্য হত্যাকাণ্ডৰ সৈতে ওতপ্ৰোতভাৱে জড়িত আছিল।
মধ্যপ্ৰদেশ আৰক্ষীয়ে বৰ্তমানলৈকে এই গোচৰত সোণমৰ প্ৰেমিকসহ মুঠ চাৰিজন অভিযুক্তক কৰায়ত্ত কৰিছে। সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰা এই হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া বৰ্তমান শ্বিলঙৰ আদালতত চলি আছে। এনে এক স্পৰ্শকাতৰ সময়তে সোণম ৰঘুবংশীয়ে জামিন লাভ কৰা কাৰ্যই আইনী মহলত বিশেষ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
