বংগৰ ফুটবল প্ৰেমক প্ৰভাৱিক কৰিবলৈ মোদীৰ অভিনৱ কৌশল! গেংটকত দুভৰিৰ যাদু প্ৰদৰ্শন প্ৰধানমন্ত্ৰীৰ

পশ্চিমবংগৰ নিৰ্বাচনী প্ৰচাৰ অন্ত পৰাৰ পাছতে এইবাৰ ব্যতিক্ৰমী ৰূপত দেখা গ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। ছিকিম ৰাজ্য গঠনৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ উপলক্ষে ৰাজ্যখনৰ ভ্ৰমণত থকা প্ৰধানমন্ত্ৰী মোদীয়ে মঙলবাৰে গেংটকৰ এখন খেলপথাৰত এজাক কিশোৰ-কিশোৰীৰ সৈতে অৱতীৰ্ণ হয় ফুটবল খেলত। গেংটকৰ মনোৰম পুৱাত স্থানীয় বন্ধুসকলৰ সৈতে ফুটবল খেলাৰ এই বিশেষ মুহূৰ্তৰ আলোকচিত্ৰসমূহ তেওঁ নিজেই সামাজিক মাধ্যমত শ্বেয়াৰ কৰে। ৰাজ্যখনৰ বাবে চাৰি হাজাৰ কোটি টকাৰ উন্নয়নমূলক আঁচনি ঘোষণা কৰিবলৈ যোৱা প্ৰধানমন্ত্ৰীৰ এই ক্ৰীড়াসুলভ পদক্ষেপে এতিয়া সৰ্বত্ৰে তীব্ৰ চৰ্চা লাভ কৰিছে।

গুৰুত্বপূৰ্ণ যে, চুবুৰীয়া পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ ঠিক পূৰ্বে ফুটবল খেলৰ এই ছবিসমূহ ৰাজহুৱা কৰিছে প্ৰধানমন্ত্ৰীয়ে। বংগৰ সাতখন জিলাৰ ১৪২ খন আসনৰ বাবে বুধবাৰে অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। নিৰ্বাচনী আচৰণ বিধি অনুসৰি বৰ্তমান প্ৰচাৰ অভিযান বন্ধ হৈ থকাৰ সময়তে প্ৰধানমন্ত্ৰীৰ এই পদক্ষেপে বিশেষ তাৎপৰ্য বহন কৰিছে। ফুটবলৰ প্ৰতি থকা বঙালী মানুহৰ চিৰন্তন আৱেগক পৰোক্ষভাৱে চুবলৈকে মোদীয়ে এই কৌশল অৱলম্বন কৰা বুলি একাংশ ৰাজনৈতিক বিশ্লেষকে মত প্ৰকাশ কৰিছে।

উল্লেখ্য যে, ভাৰতীয় ফুটবলৰ প্ৰাণকেন্দ্ৰ হিচাপে পৰিচিত পশ্চিমবংগৰ দৰে ছিকিমৰ যুৱ প্ৰজন্মৰ মাজতো ফুটবলৰ জনপ্ৰিয়তা অপৰিসীম। ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভূটীয়াও এই ছিকিমৰে সন্তান। এনে এক পটভূমিত প্ৰধানমন্ত্ৰীয়ে ফুটবল খেলাৰ ছবিয়ে পাহাৰীয়া ৰাজ্যখনৰ লগতে চুবুৰীয়া বংগৰ জনসাধাৰণৰ সৈতেও একাত্মতা প্ৰদৰ্শন কৰাৰ চেষ্টা চলাইছে।

ছিকিম ভ্ৰমণৰ কালছোৱাত প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ সৰ্বাংগীণ বিকাশৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত গেংটকৰ খেলপথাৰত স্থানীয় কিশোৰৰ সৈতে ফুটবল খেলাৰ এই ঘটনাই ভোটাৰৰ মনত কেনে প্ৰভাৱ পেলায়, সেয়া এতিয়া লক্ষ্যণীয় হৈ পৰিছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *