লৰিয়াছ বঁটাত টেনিছ খেলুৱৈ কাৰ্লোছ আলকাৰাজ আৰু আৰিনা ছাবালেংকাই ক্ৰমে পুৰুষৰ বছৰৰ শ্ৰেষ্ঠ খেলুৱৈ আৰু মহিলাৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰাৰ বিপৰীতে ফ্ৰান্সৰ ফুটবল ক্লাব পেৰিছ চেণ্ট জাৰ্মেইনক বছৰৰ শ্ৰেষ্ঠ দল হিচাপে ঘোষণা কৰা হয়। যোৱা বছৰ আলকাৰাজে ফ্ৰেন্স অ’পেন আৰু ইউ এছ অ’পেনত জয়লাভ কৰাৰ লগতে চলিত বৰ্ষৰ জানুৱাৰী মাহত অষ্ট্ৰেলিয়ান অ’পেনত জয়লাভ কৰিছিল। বিশ্বৰ এক নম্বৰ স্থানৰ ছাবালেংকাই যোৱা বছৰ একেৰাহে দ্বিতীয়বাৰৰ বাবে ইউ এছ অ’পেনত জয়লাভ কৰিছিল।
২০২৫ চনত প্ৰথমবাৰৰ বাবে ইউৰোপীয় ক্লাব ফুটবল প্ৰতিযোগিতা চেম্পিয়নছ লীগ জয় কৰিছিল পি এছ জিয়ে। চলিত মাহত মাষ্টাৰছৰ খিতাপ সফলতাৰে ৰক্ষা কৰা গলফাৰ ৰ’ৰী মেকইলৰয়ে বছৰৰ কামবেক প্লেয়াৰ অৱ দ্য ইয়েৰৰ বঁটা লাভ কৰে। ১৮ বছৰীয়া বাৰ্চিলোনা আৰু স্পেইনৰ তাৰকা ফুটবলাৰ লমিন ইয়ামালে বছৰৰ শ্ৰেষ্ঠ যুৱ খেলুৱৈৰ বঁটা লাভ কৰে। ফৰ্মুলা ৱানৰ চেম্পিয়ন লেণ্ডো ন’ৰিছে লাভ কৰে বিশ্বৰ শ্ৰেষ্ঠ উদীয়মান খেলুৱৈৰ বঁটা।
জাৰ্মান ফুটবলৰ কিংবদন্তি টনি ক্ৰুছে বিশ্ব ক্ৰীড়া প্ৰেৰণা বঁটা লাভ কৰাৰ বিপৰীতে কিংবদন্তি জিমনাষ্ট নাদিয়া কমানেচিয়ে লাভ কৰে লাইফটাইম এচিভমেণ্ট বঁটা। আমেৰিকাৰ স্নোবৰ্ডাৰ ক্ল’ কিমক ৱৰ্ল্ড একচন স্প’ৰ্টছপাৰছন অৱ দ্য ইয়েৰ বঁটাৰে সন্মানিত কৰা হয়। প্ৰতিবন্ধী শাখাত ব্ৰাজিলৰ গেব্ৰিয়েল আৰাউজোৱে বছৰৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয়। স্পেইনৰ ৰাজধানীত অনুষ্ঠিত এই বঁটা প্ৰদান অনুষ্ঠানত আঁত ধৰা হয় টেনিছ কিংবদন্তি ন’ভাক জ’কভিচ আৰু ফ্ৰীষ্টাইল স্কিয়ৰ আইলিন গুৱে।
