কংগ্ৰেছৰ পুলিং এজেন্ট হোৱাৰ দোষত স্বামীহাৰা মহিলাক চৰকাৰী আঁচনি কৰ্তনৰ ভাবুকি প্ৰদান কৰিছে একাংশ বিজেপিয়ে। নগাঁৱৰ ৰাইডঙীয়াত বিধৱা মহিলাক নিশা ফোন যোগে ভাবুকি প্ৰদান কৰা কাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে জিলাখনত।নগাঁৱৰ বৰ ৰাইডঙীয়াৰ পপী হাজৰিকা নামৰ মহিলা গৰাকীয়ে হৈ যোৱা বিধান সভা নিৰ্বাচনত কংগ্রেছ দলৰ হৈ কৰিছিল পুলিং এজেন্ট ।স্বামীহাৰা মহিলা গৰাকীয়ে পেটৰ তাড়নাত কৰিছিল পুলিং এজেন্ট। সেইয়াই যে সহ্য নহ’ল অঞ্চলটোৰ বিজেপিৰ পালি নেতাৰ ।এগৰাকী বিধৱা অসহায় মহিলাক এনে দৰে ফোন যোগে ভাবুকি দিয়া কাৰ্য্যক গৰিহনা দিছে সচেতন মহলে ।
স্বামীহাৰা মহিলাক চৰকাৰী আঁচনি কৰ্তনৰ ভাবুকি প্ৰদান
