বৃদ্ধি পাইছে ধনী আৰু দুখীয়া ৰাষ্ট্ৰৰ ব্যৱধান; ৰাষ্ট্ৰসংঘৰ শেহতীয়া প্ৰতিবেদনত উন্মোচন বিশ্ব অৰ্থনীতিৰ উদ্বেগজনক ছবি

বিশ্বৰ চহকী আৰু দৰিদ্ৰ দেশসমূহৰ মাজত থকা অৰ্থনৈতিক ব্যৱধান পূৰ্বতকৈ অধিক বৃদ্ধি পোৱা কাৰ্যই এতিয়া চিন্তিত কৰি তুলিছে আন্তঃৰাষ্ট্ৰীয় মহলক। ৰাষ্ট্ৰসংঘৰ এক শেহতীয়া প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি, বৈশ্বিক বিত্তীয় প্ৰতিষ্ঠানসমূহৰ সংস্কাৰৰ বাবে যোৱা বৰ্ষত গ্ৰহণ কৰা সিদ্ধান্তসমূহ কাৰ্যকৰী নোহোৱাৰ বাবে এই সংকট গভীৰ হৈ পৰিছে। ২০৩০ চনৰ ভিতৰত উন্নয়নমূলক লক্ষ্যত উপনীত হোৱাৰ যি ব্লু-প্ৰিণ্ট প্ৰস্তুত কৰা হৈছিল, সেয়া এতিয়াও কেৱল এক প্ৰতিশ্ৰুতি হৈয়ে ৰৈছে।

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি আৰু বিশ্ব বেংকৰ আগন্তুক বসন্তকালীন বৈঠকৰ পূৰ্বে এই প্ৰতিবেদন ৰাজহুৱা কৰা হৈছে। আইএমএফৰ পৰিচালন সঞ্চালক ক্ৰিষ্টালিনা জৰ্জিভাই জনোৱা মতে, বৈশ্বিক বিকাশৰ হাৰ বৃদ্ধিৰ বাবে প্ৰস্তুতি চলোৱা হৈছিল যদিও ইৰাণ যুদ্ধই বিশ্ব অৰ্থনীতিৰ ভৱিষ্যত এতিয়া অন্ধকাৰাচ্ছন্ন কৰি তুলিছে। ইয়াৰ উপৰি ভূ-ৰাজনৈতিক উত্তেজনাৰ বাবে উন্নয়নশীল দেশসমূহে প্ৰয়োজনীয় পুঁজি সংগ্ৰহৰ ক্ষেত্ৰতো তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে।

ৰাষ্ট্ৰসংঘৰ এই উদ্বেগজনক তথ্য অনুসৰি, ক্ৰমবৰ্ধমান বাণিজ্য বাধা আৰু জলবায়ু পৰিৱৰ্তনৰ সঘনাই হোৱা প্ৰভাৱে এই অৰ্থনৈতিক ব্যৱধান অধিক প্ৰসাৰিত কৰিছে। যোৱা বৰ্ষৰ জুন মাহত স্পেইনত অনুষ্ঠিত সন্মিলনত ৪ ট্ৰিলিয়ন ডলাৰৰ বাৰ্ষিক বিত্তীয় নাটনি দূৰ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছিল। কিন্তু বাস্তৱ ক্ষেত্ৰত আমেৰিকাৰ দৰে প্ৰভাৱশালী দেশসমূহে দৰিদ্ৰ দেশসমূহৰ বাবে কৰিবলগীয়া বিত্তীয় সাহায্য হ্ৰাস কৰিছে।

ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে ইতিমধ্যে বিশ্ব বেংক আৰু আইএমএফৰ গাঁথনিগত পৰিৱৰ্তনৰ বাবে বাৰম্বাৰ আহ্বান জনাইছে। তেওঁৰ মতে, আইএমএফৰ নীতিসমূহৰ পৰা দৰিদ্ৰ দেশৰ সলনি ধনী দেশসমূহহে অধিক লাভান্বিত হৈছে। বিশেষকৈ ক’ভিড-১৯ মহামাৰীৰ সময়ত এই বিত্তীয় প্ৰতিষ্ঠানসমূহ দৰিদ্ৰ ৰাষ্ট্ৰসমূহক ঋণৰ বোজাৰ পৰা মুক্ত কৰাত সম্পূৰ্ণ ব্যৰ্থ হোৱা বুলি তেওঁ তীব্ৰ সমালোচনা কৰে।

প্ৰতিবেদনত দাঙি ধৰা তথ্য অনুসৰি, ২০২৫ চনত ২৫ খন দেশে দৰিদ্ৰ ৰাষ্ট্ৰসমূহলৈ আগবঢ়োৱা সাহায্য কৰ্তন কৰাৰ ফলত বিশ্বজনীন স্তৰত অৰ্থনৈতিক সাহায্য ২৩ শতাংশ হ্ৰাস পাইছে। এই ক্ষেত্ৰত আমেৰিকাই সৰ্বাধিক ৫৯ শতাংশ সাহায্য কৰ্তন কৰি এক নজিৰ সৃষ্টি কৰিছে। লগতে আমেৰিকাৰ ট্ৰাম্প চৰকাৰে আৰোপ কৰা মাচুলৰ বাবে দৰিদ্ৰ দেশসমূহৰ ৰপ্তানি খণ্ডত বিৰূপ প্ৰভাৱ পৰিছে। এই সমগ্ৰ পৰিস্থিতিয়ে ২০২৬ চনত বিশ্বৰ দৰিদ্ৰ ৰাষ্ট্ৰসমূহক এক অনিশ্চিত ভৱিষ্যতৰ ফালে ঠেলি দিছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *