বিজেপি সাপতকৈও অবিশ্বাসী: অসম নিৰ্বাচনত বহিৰাগতৰ প্ৰৱেশৰ অভিযোগ মমতা বেনাৰ্জীৰ

অসম বিধানসভাৰ নিৰ্বাচনত জয়লাভ কৰিবলৈ উত্তৰ প্ৰদেশৰ পৰা বহিৰাগত লোকৰ আমদানি কৰিছে বিজেপিয়ে। আজি পশ্চিমবংগৰ উত্তৰ ২৪ পৰগণাৰ এক নিৰ্বাচনী সভাত এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। থলুৱা লোকৰ ভোটত জিকিব নোৱাৰিব বুলিয়েই গেৰুৱা দলটোৱে এতিয়া বাহিৰৰ লোকৰ সহায় লোৱা বুলি মন্তব্য কৰে তৃণমূল ছুপ্ৰিমোগৰাকীয়ে। নিৰ্বাচনী প্ৰচাৰৰ মাজতে বিজেপিক কঠোৰ ভাষাৰে আক্ৰমণ কৰি তেওঁ দলটোক সাপতকৈও অবিশ্বাসী বুলি কটাক্ষ কৰে।

নিৰ্বাচনী সভাখনত বিজেপিক তীব্ৰ আক্ৰমণ কৰি মমতা বেনাৰ্জীয়ে কয়, “এবিধ সাপক বিশ্বাস কৰিলেও বিজেপিক কেতিয়াও বিশ্বাস কৰিব নোৱাৰি।” তেওঁ লগতে কয়, “অসমৰ নিৰ্বাচনত ভোট দিবলৈ উত্তৰ প্ৰদেশৰ পৰা ৰে’লেৰে ৫০ হাজাৰ লোকক অনা হৈছিল।” কেন্দ্ৰৰ বিজেপি চৰকাৰে দেশৰ সকলো তদন্তকাৰী আৰু সাংবিধানিক সংস্থাক ক্ৰয় কৰা বুলিও সোচ্চাৰ হৈ পৰে মুখ্যমন্ত্ৰীগৰাকী। তেওঁৰ মতে বৰ্তমান দেশত কোনো সংস্থাই নিৰপেক্ষ হৈ থকা নাই।

অসমৰ এনআৰচি প্ৰসংগ টানি আনিও তেওঁ বিজেপিক প্ৰত্যাহ্বান জনায়। এনআৰচিৰ তালিকাৰ পৰা বাদ পৰা ১৯ লাখ লোকৰ ভিতৰত ১৩ লাখেই আছিল হিন্দু। ইয়াৰ জৰিয়তে বিজেপিয়ে হিন্দুসকলকহে প্ৰতাৰণা কৰা বুলি বেনাৰ্জীয়ে অভিযোগ কৰে। একেদৰে পশ্চিমবংগৰ ভোটাৰ তালিকাৰ পৰাও প্ৰায় ৯০ লাখ লোকৰ নাম উদ্দেশ্যপ্ৰণোদিতভাৱে কৰ্তন কৰা বুলি তেওঁ উল্লেখ কৰে।

উল্লেখ্য যে যোৱা বৃহস্পতিবাৰে অসমৰ ১২৬ টা সমষ্টিত ৮৫.৯১ শতাংশ ভোটদানেৰে নিৰ্বাচন সম্পন্ন হৈছে। অসমৰ ভোটগ্ৰহণৰ পাছতেই মমতা বেনাৰ্জীয়ে উত্থাপন কৰা এই গুৰুতৰ অভিযোগসমূহে এতিয়া চুবুৰীয়া ৰাজ্যখনৰ লগতে অসমৰো ৰাজনীতিত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *