ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল।
প্ৰথম চাৰিটা স্থান দখল কৰিছে এইসকলে—
প্ৰথম স্থান দখল কৰিছে পাটাছাৰকুছি শংকৰদেৱ শিশু নিকেতন জ্যোতিৰ্ময় দাসে।
দ্বিতীয় স্থান দখল কৰিছে হাৱাজানৰ অম্বিকাগিৰী ৰায় চৌধুৰী জাতীয় বিদ্যালয়ৰ আকাংক্ষা ভূঞাই।
তৃতীয় স্থান দখল কৰিছে ডিব্ৰুগড়ৰ লিটিল ফ্লাৱাৰ স্কুলৰ জিয়া ফাৰাহ ইছলামে।
চতুৰ্থ স্থান দখল কৰিছে নলবাৰী লিটল ফ্লাৱাৰ স্কুলৰ সুৰজিত আখটাৰে।
ৰাজ্যজুৰি উত্তীৰ্ণ হাৰ ৬৫.৬২ শতাংশ।
ৰাজ্যজুৰি সৰ্বমুঠ ২,৮১,৭০১ জন পৰীক্ষাৰ্থী উত্তীৰ্ণ হয় ।
লিঙ্গ অনুসৰি, পুৰুষ পৰীক্ষাৰ্থীৰ উত্তীৰ্ণ হাৰ ৬৭.৭৮ শতাংশ ।
আৰু মহিলা পৰীক্ষাৰ্থীৰ উত্তীৰ্ণ হাৰ ৬৩.৯৬ শতাংশ।
প্ৰথম বিভাগত ৮৫,১৮৯ জন।
দ্বিতীয় বিভাগত ১,৫০,১৬৭ জন ।
আৰু তৃতীয় বিভাগত ৪৬,৩৪৫ জন উত্তীৰ্ণ হয়।
লগতে ৩,৯৮৩ জনে distinction, ১৩,৬৮১ জনে।
star আৰু ৯৯,০৬২ জনে letter mark লাভ কৰে।
