উত্তৰ-পূব সীমান্ত ৰেলৱেৰ নিৰাপত্তাৰ বুজ ললে আৰ পি এফৰ সঞ্চালক প্ৰধান সোণালী মিশ্ৰই

ভাৰতীয় ৰেলৱেৰ ৰেলৱে সুৰক্ষা বাহিনী চমুকৈ আৰ পি এফৰ  সঞ্চালক প্রধান সোণালী মিশ্ৰই দুদিনীয়া কাৰ্যসূচীৰে  উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মালিগাঁওস্থিত সদৰ কাৰ্যালয় পৰিদৰ্শন  কৰে । দুদিনীয়া পৰিদৰ্শন কাৰ্যসূচীত সঞ্চালক প্ৰধান সোণালী মিশ্ৰই সুৰক্ষা ব্যৱস্থা, চলি থকা আন্তঃগাঁথনি উন্নীতকৰণ আৰু আৰ পি এফৰ চকী আদিৰ বুজ লয়। তেওঁ গুৱাহাটীৰ আৰ পি এফৰ চকী পৰিদৰ্শন কৰি সুৰক্ষা ব্যৱস্থাৰ পৰ্যালোচনা কৰে।

ইয়াৰ উপৰিও অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিং, আৰু উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱৰ সৈতেও পৃথকে পৃথকে অনুষ্ঠিত পৰ্যালোচনা  বৈঠকত ভাগ লয়। একেদৰে উত্তৰ পূব সীমান্ত ৰেলৱেৰ নিৰ্মাণ শাখাৰ মহা প্ৰবন্ধক আশীষ বানচালৰ সৈতেও এক বৈঠকত ভাগ লৈ নতুন ৰেলৱে প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে।

বৈঠক সমূহত সোণালী মিশ্ৰই প্ৰযুক্তিৰ ব্যৱহাৰ,  আধুনিকীকৰণ আৰু সংস্থাসমূহৰ মাজত সমন্বয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আনহাতে পৰিদৰ্শন কালত তেওঁ মালিগাঁৱত থকা আৰ পি এফৰ বেৰেক নিৰ্মাণৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। উল্লেখ্য যে পৰিদৰ্শন কালত সঞ্চালক প্ৰধান গৰাকীয়ে বাহিনীটোৰ বিষয়া – জোৱান সকলৰ অভিবাদন গ্ৰহণ কৰে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *