ইৰাণৰ বিৰুদ্ধে দুসপ্তাহৰ বাবে যুদ্ধবিৰতি

অৱশেষত ইৰাণৰ বিৰুদ্ধে দুসপ্তাহৰ বাবে যুদ্ধবিৰতিত আমেৰিকাই সন্মতি প্ৰকাশ কৰিছে । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পশ্চিম এছিয়াৰ ৰাষ্ট্ৰখনৰ পৰা সভ্যতা নিঃশেষ কৰাৰ সময়সীমা বান্ধি দিছিল । অৱশ্য়ে এই সময়সীমা অন্ত হোৱাৰ ৯০ মিনিট পূৰ্বে ৰাষ্ট্ৰপতি ট্ৰাম্পে এই ঘোষণা কৰে ।দুয়োখন ৰাষ্ট্ৰৰ মাজত যুদ্ধবিৰতিৰ বাবে মধ্যস্থতা কৰে পাকিস্তানে । পাকিস্তানে ইৰাণৰ সৈতে দুসপ্তাহৰ বাবে যুদ্ধবিৰতিৰ বাবে আমেৰিকাক প্ৰস্তাৱ আগবঢ়াইছিল । এই প্ৰস্তাৱৰ প্ৰতি সন্মতি জনাই ৰাষ্ট্ৰপতি ট্ৰাম্পে মঙলবাৰে সন্ধিয়া (আমেৰিকাৰ সময় অনুসৰি) ট্ৰুথ ছ’চিয়েলত নাটকীয়ভাৱে এই ঘোষণা কৰে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *