অসমত নিৰ্বাচনী প্ৰচাৰৰ যৱনিকা; বিয়লি ৫ বজাৰ পৰা জাৰি হ’ব ‘ছাইলেন্ট পিৰিয়ড’

অসম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি অন্তিমটো দিন। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াই ঘোষণা কৰা অনুসৰি, ৭ এপ্ৰিলৰ বিয়লি ৫ বজাৰ পৰা সমগ্ৰ ৰাজ্যতে বলবৎ হ’ব ‘ছাইলেন্ট পিৰিয়ড’ বা মৌনতাৰ সময়। ১৯৫১ চনৰ জনপ্ৰতিনিধিত্ব আইনৰ ১২৬ ধাৰা অনুসৰি, ভোটগ্ৰহণ সমাপ্ত হোৱাৰ ৪৮ ঘণ্টা পূৰ্বৰ পৰাই এই নিষেধাজ্ঞা জাৰি কৰা হয়। নিৰ্বাচনী প্ৰক্ৰিয়াটো স্বচ্ছ আৰু নিকা কৰাৰ স্বাৰ্থতে এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে নিৰ্বাচন আয়োগে।

এই সময়ছোৱাত সকলো ধৰণৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্য সম্পূৰ্ণৰূপে নিষিদ্ধ থাকিব। কোনো ৰাজনৈতিক দলে জনসভা, ৰেলী বা শোভাযাত্ৰা উলিয়াব নোৱাৰিব বুলি স্পষ্ট কৰি দিছে আয়োগে। আনকি ইলেক্ট্ৰনিক মাধ্যম আৰু ছচিয়েল মিডিয়াৰ জৰিয়তেও নিৰ্বাচন সংক্ৰান্তীয় কোনো সমল প্ৰচাৰ কৰিব নোৱাৰিব কোনো পক্ষই। নিৰ্বাচনী নীতি-নিৰ্দেশনা অনুসৰি বাল্ক এছএমএছ, ফোন কল বা অনলাইন মাধ্যমৰ জৰিয়তেও ভোটাৰক প্ৰলোভিত কৰাটো হ’ব এক আইনগত অপৰাধ।

একেদৰে, যিসকল ৰাজনৈতিক নেতা বা কৰ্মী সংশ্লিষ্ট সমষ্টিৰ ভোটাৰ নহয় অথচ প্ৰচাৰৰ বাবে বাহিৰৰ পৰা আহিছে, তেওঁলোকে প্ৰচাৰ অভিযান অন্ত পৰাৰ লগে লগে সমষ্টি ত্যাগ কৰিব লাগিব। এই নিৰ্দেশনা কঠোৰভাৱে পালন কৰিবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিয়া হৈছে। ইয়াৰ উপৰি দূৰদৰ্শন বা অন্য কোনো ডিজিটেল প্লেটফৰ্মত এই ৪৮ ঘণ্টাৰ ভিতৰত কোনো ধৰণৰ জনমত সমীক্ষা বা চাৰ্ভে ৰিপৰ্ট প্ৰকাশ কৰাৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰিছে নিৰ্বাচন আয়োগে।

অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে সকলো প্ৰাৰ্থী, ৰাজনৈতিক দল আৰু সংবাদ প্ৰতিষ্ঠানক এই নীতি-নিৰ্দেশনা পালন কৰিবলৈ আহ্বান জনাইছে। মৌনতাৰ সময়ছোৱাত কোনো ধৰণৰ উলংঘন পৰিলক্ষিত হ’লে আইনৰ প্ৰাসংগিক ধাৰাৰ অধীনত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আয়োগে বুলি সঁকিয়াই দিয়ে গোৱেলে। ৰাজ্যৰ ১২৬ টা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া এই নিৰ্বাচনৰ বাবে এতিয়া প্ৰশাসনেও গ্ৰহণ কৰিছে ব্যাপক নিৰাপত্তামূলক ব্যৱস্থা।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *