১৪ আৰু ১৫ মে’ত বেইজিং ভ্ৰমণলৈ যাব ড’নাল্ড ট্ৰাম্প

ইৰান যুদ্ধৰ বাবে স্থগিত ৰখা চীন ভ্ৰমণ সন্দৰ্ভত নতুন তথ্য প্ৰদান কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ট্ৰাম্পে ট্ৰুথ ছ’চিয়েলত লিখিছে-চীনৰ অতি সন্মানীয় ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে মোৰ সাক্ষাৎকাৰ এতিয়া পুনৰ নিৰ্ধাৰণ কৰা হৈছে। ট্ৰাম্পে কয় যে এই বৈঠক প্ৰথমে ইৰানত আমাৰ সামৰিক অভিযানৰ বাবে পিছুৱাই দিয়া হৈছিল আৰু এতিয়া ১৪ আৰু ১৫ মে’ত বেইজিঙত অনুষ্ঠিত হ’ব।

ট্ৰাম্পে উল্লেখ কৰিছে যে ফাৰ্ষ্ট লেডী মেলানিয়া আৰু তেওঁ চলিত বৰ্ষৰ শেষৰ ফালে ৱাশ্বিংটন ডি চিত ৰাষ্ট্ৰপতি ছি আৰু মেডাম পেঙকো আতিথ্য প্ৰদান কৰিব।

ট্ৰাম্পে কয়-আমাৰ প্ৰতিনিধি দলটো এই ঐতিহাসিক ভ্ৰমণৰ বাবে প্ৰস্তুতি চলোৱাত ব্যস্ত। ৰাষ্ট্ৰপতি ছিৰ সৈতে সময় কটাবলৈ মই অতি আগ্ৰহী। মই নিশ্চিত যে এইটো এটা অতি গুৰুত্বপূৰ্ণ আৰু স্মৰণীয় অনুষ্ঠান হ’ব।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *