মণিপুৰত উগ্ৰপন্থীৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ বৃহৎ অভিযান; ২৬ সক্ৰিয় সদস্যসহ বিপুল মাৰণাস্ত্ৰ জব্দ

ৰাজ্যজুৰি অব্যাহত থকা উগ্ৰপন্থী বিৰোধী অভিযানৰ মাজতে বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হ’ল মণিপুৰ আৰক্ষী। ৰাজ্যখনৰ বিভিন্ন জিলাৰ লগতে ভাৰত-ম্যানমাৰ সীমান্তত চলোৱা এক সমন্বিত অভিযানত ২৬ জন কেডাৰসহ বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী আৰু নিৰাপত্তা সংস্থা। যোৱা দুটা দিনত চলোৱা এই তীব্ৰতৰ অভিযানত উগ্ৰপন্থী নেটৱৰ্ক ধ্বংস কৰাৰ লক্ষ্যৰে কেইবাটাও স্থানৰ পৰা নগদ ধন আৰু বাহনো জব্দ কৰা হৈছে।

মণিপুৰ আৰক্ষীৰ তথ্য অনুসৰি, যোৱা ২৩ মাৰ্চত টেংনৌপাল জিলাৰ মোৰে আৰক্ষী থানাৰ অন্তৰ্গত সীমান্তৱৰ্তী অঞ্চলৰ পৰা নিষিদ্ধ প্ৰিপাক গোটৰ ১০ জন কেডাৰক আটক কৰে নিৰাপত্তা বাহিনীয়ে। ইয়াৰ ভিতৰত পাঁচগৰাকী নাবালক উগ্ৰপন্থীও আছে। আনহাতে, ইয়াৰ এদিন পূৰ্বে ২২ মাৰ্চত থৌবাল জিলাৰ হংখং অঞ্চলৰ পৰা নিষিদ্ধ ইউ এন এল এফ (কে) গোটৰ ১৪ গৰাকী সদস্যক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

ধৃত উগ্ৰপন্থীসকলৰ পৰা দুটা ইনকাছ ৰাইফল, ১৩ টা মেগজিন, ১০০ জাই সজীৱ গুলী আৰু এক লাখ টকাৰ নগদ ধন উদ্ধাৰ কৰা হৈছে। ইয়াৰ উপৰি ১২ টা ম’বাইল ফোন আৰু চাৰিখনকৈ চাৰিচকীয়া বাহন জব্দ কৰে আৰক্ষীয়ে। নিৰাপত্তা বাহিনীয়ে লগতে ইম্ফল পূব আৰু বিষ্ণুপুৰ জিলাৰ পৰা কে চি পি আৰু কে ৱাই কে এল গোটৰ আন ৩ জন দুৰ্ধৰ্ষ কেডাৰক গ্ৰেপ্তাৰ কৰিছে। সীমান্তৱৰ্তী স্পৰ্শকাতৰ অঞ্চলসমূহত আইন-শৃংখলা অটুট ৰাখিবলৈ নিৰাপত্তা বাহিনীয়ে বৰ্তমানো তীব্ৰ সতৰ্কতা অৱলম্বন কৰিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *