আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিনটোত ৰাজ্যৰ নিৰ্বাচনী মৈদানত অবতীৰ্ণ হ’ল ৮১৮ গৰাকী প্ৰাৰ্থী। সোমবাৰে প্ৰকাশ পোৱা সাময়িক তথ্য অনুসৰি ১২৬ টা বিধানসভা সমষ্টিৰ বাবে মুঠ ১৩৯১ খন মনোনয়ন পত্ৰ দাখিল কৰে এই প্ৰাৰ্থীসকলে। নিৰ্বাচনী বিষয়াৰ মতে, এই পৰিসংখ্যাৰ এতিয়াও চূড়ান্ত পৰীক্ষণ চলি আছে যদিও প্ৰাৰ্থীৰ এই বিপুল সংখ্যই ৰাজ্যখনত এক তীব্ৰ নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাৰ ইংগিত দিছে।
প্ৰাৰ্থীৰ ভিৰৰ মাজতে অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে ভোটাৰ সজাগতা বৃদ্ধিৰ বাবে চলাইছে ব্যাপক অভিযান। চৰকাৰী ‘চুইপ’ কাৰ্যসূচীৰ অধীনত বিশেষকৈ নতুন ভোটাৰ আৰু পিছপৰা শ্ৰেণীৰ মাজত গণতান্ত্ৰিক অধিকাৰৰ প্ৰতি সজাগতা সৃষ্টিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে নিৰ্বাচন আয়োগে। তৃণমূল পৰ্যায়ত ৰাইজক আকৰ্ষিত কৰিবলৈ বিভিন্ন জিলাত স্থানীয় সাংস্কৃতিক পটভূমিৰ সৈতে সংগতি ৰাখি আকৰ্ষণীয় ‘মেস্কট’ মুকলি কৰা হৈছে।
ভোটাৰক ভোটদানৰ বাবে উৎসাহিত কৰিবলৈ লখিমপুৰত ‘বাখৰ’, শোণিতপুৰত ‘গণবন্ধু’, যোৰহাটত ‘জলৌ’, গোলাঘাটত ‘চামেলী’ আৰু কোকৰাঝাৰত ‘দ্বিমলু’ তথা ‘শিখৰী’ নামৰ মেস্কটসমূহ ব্যৱহাৰ কৰিছে জিলা প্ৰশাসনে। ইয়াৰ উপৰি জনপ্ৰিয় ডিজিটেল কন্টেন্ট ক্ৰিয়েটৰ অভিনৱ বৰা ওৰফে “লেজুগাই”ক যোৰহাটৰ আৰু অভিনেতা ৰাজীৱ দুৱৰীক লখিমপুৰৰ জিলা আইকন হিচাপে নিযুক্তি দিয়া হৈছে। ৰাজ্যিক পৰ্যায়ৰ আইকন ৰাকেশ বণিকে বিভিন্ন জিলা ভ্ৰমণ কৰি এক সৰ্বাংগীন আৰু অংশগ্ৰহণমূলক নিৰ্বাচনৰ বাবে ৰাইজক আহ্বান জনাইছে।
