বঢ়মপুৰ বিধানসভা সমষ্টিৰ নিৰ্বাচনী যুঁজখনক কেন্দ্ৰ কৰি বৰ্তমান বিজেপি আৰু অসম জাতীয় পৰিষদৰ মাজত এক তীব্ৰ সংঘাতৰ সৃষ্টি হৈছে। বিজেপি প্ৰাৰ্থী জিতু গোস্বামীৰ বিপৰীতে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী তথা বিজেপিৰ প্ৰাক্তন নেতা ৰজেন গোহাঁইৰ আক্ৰমণাত্মক স্থিতিৰ পাছতেই দেওবাৰে নগাঁৱৰ ৰাজনৈতিক মহল উত্তপ্ত হয়। বিশেষকৈ জিতু গোস্বামীয়ে কৰা ‘দ্ৰোণাচাৰ্য-অৰ্জুন’ৰ যুঁজৰ প্ৰসংগত ৰজেন গোহাঁইয়ে কৰা মন্তব্যই এতিয়া বিশেষ চৰ্চা লাভ কৰিছে।
দেওবাৰে নগাঁৱৰ ৰাজীৱ ভৱনত উপস্থিত হৈ কংগ্ৰেছৰ নেতা-কৰ্মীৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ৰজেন গোহাঁই। আগন্তুক নিৰ্বাচনত বিৰোধী মিত্ৰজোঁটৰ সমৰ্থন বিচাৰি অনুষ্ঠিত কৰা এই বৈঠকৰ অন্তত গোহাঁইয়ে সংবাদমেল সম্বোধন কৰি বিজেপিৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰে। ৰাজেন গোহাঁইয়ে কয়, “বিজেপিৰ সৃষ্টিকৰ্তা পুৰণি কৰ্মীসকল আজিৰ দিনত এলাগী হৈ পৰিছে আৰু এইসকল কৰ্মীয়েই নিৰ্বাচনত বিজেপিৰ কঁকাল ভাঙি দিব।”
জিতু গোস্বামীৰ সামৰিক ৰণকৌশলক প্ৰত্যাহ্বান জনাই গোহাঁইয়ে দাবী কৰা মতে, বিজেপি প্ৰাৰ্থীগৰাকীৰ সৈতে থকা সৈন্যসকল বিশ্বাসী নহয়। বঢ়মপুৰ সমষ্টিৰ বিজয়ক লৈ দৃঢ়প্ৰকাশ কৰি তেওঁ লগতে কয়, “বঢ়মপুৰত আমি বিপুল ভোটত জয়লাভ কৰিম তাত কোনো সন্দেহ নাই আৰু তেওঁৰ যিমান সৈন্য আছে, তাতকৈ আমাৰ বেছি আছে।” নিজৰ ৰণকৌশলেৰে বিজেপিক উচিত শিক্ষা দিয়াৰ হুংকাৰো দিয়ে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীগৰাকীয়ে।
