বিশ্বৰ পাঁচগৰাকী নেতাৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ টেলিফোনিক বাৰ্তালাপ; পশ্চিম এছিয়াৰ উত্তেজনা প্ৰশমনত ভাৰতৰ গুৰুত্ব

পশ্চিম এছিয়াত অব্যাহত থকা যুদ্ধসদৃশ পৰিৱেশৰ মাজতে বৃহস্পতিবাৰে বিশ্বৰ পাঁচগৰাকী প্ৰভাৱশালী নেতাৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ওমান, মালয়েছিয়া, ফ্ৰান্স, জৰ্ডান আৰু কাটাৰৰ ৰাষ্ট্ৰপ্ৰধানসকলৰ সৈতে হোৱা এই আলোচনাত প্ৰধানমন্ত্ৰীয়ে অঞ্চলটোত শান্তি আৰু স্থিৰতা ঘূৰাই অনাৰ বাবে ভাৰতৰ স্পষ্ট স্থিতি দাঙি ধৰে।

শুকুৰবাৰে নতুন দিল্লীত আয়োজিত এক সংবাদমেলত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে এই কূটনৈতিক তৎপৰতাৰ বিষয়ে সবিশেষ অৱগত কৰে। তেওঁ জানিবলৈ দিয়ে যে প্ৰধানমন্ত্ৰীয়ে সংঘাত ৰোধৰ বাবে কূটনীতি আৰু আলোচনাৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে। বিশেষকৈ শক্তি আন্তঃগাঁথনিৰ ওপৰত হোৱা আক্ৰমণক কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে হৰমুজ প্ৰণালীৰে নিৰাপদ আৰু নিৰৱচ্ছিন্ন যাতায়তৰ বাবে সকলো নেতাই সহমত পোষণ কৰে।

প্ৰধানমন্ত্ৰীয়ে ওমানৰ চুলতানৰ সৈতে বাৰ্তালাপ কৰি ঈদৰ আগতীয়া শুভেচ্ছা জনোৱাৰ লগতে দেশখনৰ সাৰ্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতা ৰক্ষাৰ প্ৰতি ভাৰতৰ সমৰ্থন পুনৰ দোহাৰে। ওমানত থকা ভাৰতীয় নাগৰিকসকলৰ সুৰক্ষিত প্ৰত্যাৱৰ্তনৰ ক্ষেত্ৰত চুলতানে আগবঢ়োৱা সহযোগিতাৰ বাবেও প্ৰধানমন্ত্ৰীয়ে কৃতজ্ঞতা প্ৰকাশ কৰে।

ইফালে, যুদ্ধৰ প্ৰভাৱ ভাৰতৰ ইন্ধন যোগানত পৰা সন্দৰ্ভত পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই দেশবাসীক আস্বস্ত কৰে। তেওঁ কয় যে বৰ্তমানলৈকে এল পি জি যোগানত কোনো অসুবিধাৰ সৃষ্টি হোৱা নাই আৰু দেশৰ ১৮ খন ৰাজ্যত বাণিজ্যিক গেছৰ আৱণ্টন স্বাভাৱিক হৈ আছে। প্ৰায় ৭৫০০ গ্ৰাহকে ইতিমধ্যে এল পি জিৰ পৰা পি এন জি সংযোগলৈ স্থানান্তৰিত হৈছে বুলিও তেওঁ সদৰী কৰে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *